মঙলদৈ আৰক্ষীৰ সফলতা; ২৪ ঘণ্টাৰ ভিতৰতে আটক গৰু চোৰ…

মঙলদৈ আৰক্ষীৰ সফলতা; ২৪ ঘণ্টাৰ ভিতৰতে আটক গৰু চোৰ…

author-image
asomiyapratidin
New Update
মঙলদৈ আৰক্ষীৰ সফলতা; ২৪ ঘণ্টাৰ ভিতৰতে আটক গৰু চোৰ…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈ চহৰৰ নিকতৱৰ্তী মেধিপাৰা গাঁৱৰ পৰা ২ জুনৰ নিশা প্ৰায় ২-০০ বজাত তলা ভাঙি ৩ টা গৰু চোৰে লৈ যায় ৷

Advertisment

পিচদিনা পৰিয়ালৰ লোকে গোহালিত পৰি ৰোৱা চোৰৰ মোবাইল এটা প্ৰত্যক্ষ কৰি আৰক্ষীক গতাই দিয়ে ৷ মঙলদৈ সদৰ আৰক্ষীয়ে তৎপৰতাৰে মোবাইল ফোনৰ পমখেদি ২৪ ঘণ্টা নৌহওঁতেই কৰায়ত্ত কৰে চোৰ ৷

কৰায়ত্ত কৰা গৰুচোৰকেইটা কেইটা হ'ল খাৰুপেটীয়া নগাজানৰ আব্বাছ আলি, মঙলদৈ বান্দিয়া চাপৰিৰ লালমিয়া আৰু নাজিৰ আলি ৷ এই চুৰি কাণ্ডৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ সচেতন ৰাইজৰ ৷

আৰু পঢ়ক: তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা

assam mangaldai