মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ দশা এয়া, যাতায়তৰ মাধ্যম বুলিবলৈ এখন মাত্ৰ বাঁহৰ সাকো

বাৰিষাৰ সময়ত যমৰ যাতনা ভুগিব লাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া শলমাৰা অঞ্চলৰ ৰাইজে

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ দশা এয়া, যাতায়তৰ মাধ্যম বুলিবলৈ এখন মাত্ৰ বাঁহৰ সাকো

ডিজিটেল সংবাদ, কাজিৰঙাঃ বাৰিষাৰ সময়ত যমৰ যাতনা ভুগিব লাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া শলমাৰা অঞ্চলৰ ৰাইজে। মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এইসকল ৰাইজৰ বাৰিষাৰ সময়ত যাতায়তৰ একমাত্ৰ মাধ্যম হৈ পৰে এডাল বাঁহৰ সাকো।

Advertisment

উল্লেখ্য যে এই বাঁহৰ সাকো ডালেৰেই শলমাৰা অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় মূল ঘাইপথলৈ মহিলা, কণ কণ শিশুৱে অতি বিপদসংকুলভাৱে পাৰ হ'ব লাগে।ইপিনে যোৱা জুন মাহত মন্ত্ৰী অতুল বৰাই ২০২২-২৩ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শলমাৰা সংযোগী প্ৰায় ২.৩৭ কি. মি পথৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নিম্ননামৰ কামেৰে একাংশ ঠিকাদাৰ অভিযন্তাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

নিৰ্মাণৰ প্ৰায় দুমাহ নৌহওতেই ফাটিছে পুল, কালভাৰ্ট।ৰাইজে আশা কৰিছিল পথটো নিৰ্মাণ হলে তেওলোকৰ দুখ দুৰ্দশা হ্ৰাস পাব কিন্তু ভৰ বাৰিষা পথ নিৰ্মাণ কৰি চৰকাৰী ধনৰ শৰাধ পতা বুলি অভিযোগ উত্থাপন হৈছে।

Also Read: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্গম এলেকাৰ বাবে টয়টাৰ বিশেষ বাহন

kaziranga ATUL BORA