মানকাচৰৰ ঐতিহাসিক মিৰজুমালাত ২৫ সহস্ৰাধিক লোকৰ নামাজ আদায়...

মানকাচৰৰ ঐতিহাসিক মিৰজুমালাত ইদৰ সমূহীয়া নামাজ আদায় ।। ২৫ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা...

author-image
Asomiya Pratidin
New Update
মানকাচৰৰ ঐতিহাসিক মিৰজুমালাত ২৫ সহস্ৰাধিক লোকৰ নামাজ আদায়...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : অসম মেঘালয় সীমান্তৱৰ্তী মানকাচৰৰ মিৰজুমালা মাজাৰ শ্বৰীফ ইদগাহ মৈদানত ইদ-উল-ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত কৰা হয়। মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলাম সহ প্ৰায় ২৫ সহস্ৰাধিক লোকে ঐতিহাসিক মিৰজুমালাৰ এই ইদগাহ মৈদানত ঈদৰ নামাজ আদায় কৰে।

Advertisment

মিৰজুমালাত মানকাচৰৰ ৰাইজে ১০০ বছৰকৈ অধিক সময় ধৰি ঈদৰ সমূহীয়া নামাজ আদায় কৰি আহিছে। ঈদৰ নামাজ আদায়ৰ পাছত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰি এজনে আনজনক আলিংগন কৰে মানকাচৰৰ ৰাইজে।ইছলামিক ৰীতি অনুসৰি ৰমজান মাহত সম্পূৰ্ণ এমাহ ৰোজা পালন কৰাৰ অন্তত শণিবাৰে উলহ মালহেৰে ঈদ-উল-ফিতৰৰ ইদ উদযাপন কৰা হয়।

মানকাচৰৰ এই মিৰজুমালাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই শতাধিক ইদগাহত লাখ লাখ লোকে আজি ঈদৰ নামাজ আদায় কৰা হয়।

Also Read: বিহু মঞ্চত জিতুল সোণোৱাল ইন,পাপন আউট...

Manchacher