/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fe55dc3c-379a-459b-ab5e-71f6d38edfb5/mancachar_10.jpg)
গাওঁবাসীৰ ভুৱা স্বাক্ষৰ সংগ্ৰহ ! চাৰিজনৰ বিৰুদ্ধে এজাহাৰ...
ডিজিটেল সংবাদ মানকাচৰঃ মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ নেওঁৱাজেছপুৰ গাঁৱৰ আব্দুল ৰছিদ সেখ নামৰ লোকজনে গাওঁখনৰে চাৰিজনৰ বিৰুদ্ধে গাওঁবাসীৰ পৰা ভুৱা চহী লোৱাৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল কৰিছে। নেওঁৱাজেছপুৰ গাঁৱত পঞ্চায়ত প্ৰতিনিধিৰ দ্বাৰা নিৰ্মাণ হোৱা এটা ৰাস্তাৰ কামত দুৰ্নীতি হোৱা বুলি গাওঁবাসীৰ পৰা বগা কাগজত ভুৱা চহী উঠাইছিল।
গাওঁখনৰ মিছপাৰ সেখ, আব্দুল্ল্যা সেখ, নাজিমুল সেখ আৰু মোকলেছুৰ সেখ নামৰ লোক কেইজনৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত চাৰিজনে ৰাস্তাৰ দুৰ্নীতিৰ বিৰুদ্ধে উঠোৱা চহীৰে গাওঁৰক্ষী বাহিনীৰ এজন সম্পাদকৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে।
এই ঘটনাক লৈ গাওঁবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফলস্বৰূপে গাওঁবাসীয়ে চহী উঠোৱা লোক কেইজনৰ বিৰুদ্ধে একত্ৰিত হৈ উত্তাল শ্লোগান দি তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী তুলিছে। ঘটনাক লৈ আব্দুল ৰছিদ সেখ ইতিমধ্যে সুখচৰ থানাত এজাহাৰ দাখিল কৰাত সুখচৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।
Also Read: বাবৰ বাহিনীয়ে কৰিছে অংকঃ ভাৰতৰে খেলিব ছেমি ফাইনেল...