বৰষুণ নাইঃ মানকাচৰত কৃষকৰ হাঁহাকাৰ...

বৰষুণ নাইঃ মানকাচৰত কৃষকৰ হাঁহাকাৰ...

ডিজিটেল সংবাদ, মানকাচৰঃ দীৰ্ঘদিনে বৰষুণ নোহোৱাৰ ফলত উতকট গৰম আৰু খৰাং পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে মানকাচৰত । কৃষি প্ৰধান মানকাচৰৰ খেতিয়কৰ কৃষি পথাৰ প্ৰচণ্ড ৰদৰ মাজত জ্বলি নষ্ট হবলৈ ধৰিছে। বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী কানাইমাৰা গাওঁ পঞ্চায়তত পাচলি খেতি সমূহ নষ্ট হবলৈ ধৰাত কৃষক সকলে মুৰে কপালে হাত দিবলগীয়া হৈছে।

কানাইমাৰাৰ জহিৰুল হক নামৰ কৃষক জনে যোৱা বছৰৰ পৰা পাচলি খেতি আৰম্ভ কৰিছে। যোৱা বছৰ পাচলি খেতিৰে কৃষক জন লাভাম্বিত হৈছিল যদিও এইবেলি গৰমত পথাৰ জ্বলি যোৱাত কৃষক জন লোকচানৰ সম্মুখীন হৈছে। কানাইমাৰা গাওঁ পঞ্চায়তৰ প্ৰায়বোৰ পাচলি খেতি এইবাৰ এইদৰে খৰাং আৰু গৰমৰ মাজত নষ্ট হবলৈ ধৰিছে।

ভৱিষ্যতৰ দিনত বৰষুণ নহলে পাচলি খেতি নষ্ট হৈ কৃষক সকল লোকচানৰ সম্মুখীন হোৱাৰ লগতে মানকাচৰত পাচলিৰ নাটনি হৈ পৰিব। খৰাঙৰ মাজত নষ্ট হোৱা কৃষকক চৰকাৰে ক্ষতিপুৰণ হিচাপে আৰ্থিক অনুদান দিয়াৰ বাবে কৃষক সকলে দাবী জনাইছে।

বৰষুণ নাইঃ মানকাচৰত কৃষকৰ হাঁহাকাৰ...
মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in