মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন...

ধেমাজি জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়ত শনিবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । Indian Council of Social Science Research চমুকৈ ICSSR ৰ পৃষ্ঠপোষকতাত তথা মহাবিদ্যালয়খনৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত অনুস্থিত কৰা " Women and Leadership in 21st Century India " শীৰ্ষক আলোচনাচক্ৰখনত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা শতাধিক গৱেষকে অংশগ্ৰহণ কৰি গৱেষণাপত্ৰ পাঠ আৰু জমা দিয়ে ।

author-image
Asomiya Pratidin
New Update
মৰিধল মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধেমাজি জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়ত শনিবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । Indian Council of Social Science Research চমুকৈ ICSSR ৰ পৃষ্ঠপোষকতাত তথা মহাবিদ্যালয়খনৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত অনুস্থিত কৰা " Women and Leadership in 21st Century India " শীৰ্ষক আলোচনাচক্ৰখনত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা শতাধিক গৱেষকে অংশগ্ৰহণ কৰি গৱেষণাপত্ৰ পাঠ আৰু জমা দিয়ে ।

Advertisment

আলোচনাচক্ৰখনত সমলব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা অপৰ্ণা বৰগোহাঁই, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিনীতা দেৱ চৌধুৰী, ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ দিব্যজ্যোতি দত্ত আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ টাবাং মিবাঙে ।

মৰিধল মহাবিদ্যালয়