/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eb27fce5-5df4-4653-9ecd-6b721a057e3b/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ পথ-পথাৰত উগ্ৰমূৰ্তি অসম গৌৰৱ এশিঙীয়াৰ ৷ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা গঁঁড়ে দেওবাৰে পুৱাৰে পৰা বিচৰণ কৰে জনাঞ্চলত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8a19e46b-e675-4015-96fc-f5ca0284c029/9212405d_6e2c_43b0_b686_209c0d8dc703.jpg)
উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া মিহিমুখৰ জনাঞ্চলত গঁড়টো বহু সময় ধৰি বিচৰণ কৰাৰ পৰিলক্ষিত হয়। বন বিভাগৰ লোক উপস্থিত হৈ বহু সময় গঁড়টোক খেদি পঠিয়াবলৈ চেষ্টা কৰাৰ পাছত অৱশেষত গঁড়টোক উদ্যান এলেকালৈ খেদি পঠিয়াবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/31b9d47a-66b5-4c8a-bc7a-a1de2d3b4281/54c26fa3_a564_4ac6_92a0_992015bb8cdc.jpg)
উল্লেখ্যে যে, গঁড়টোক খেদা সময়ত পথাৰত চৰি থকা গৰু আৰু বৰগছ ৰিজৰ্টৰ ঘোঁৰালৈ চোঁচা লয় গঁড়টোৱে। গঁড়টোৰ আক্ৰমণাত্মক ৰূপত ভিৰাই লৰ মাৰে ঘোঁৰা আৰু গৰুৰ জাকে। স্মৰ্তব্য যে একাংশ লোকে সেই অঞ্চলটোত মাছৰ বাবে জাল পাতি অহাত এতিয়াৰে পৰা লোকলকলক সাৱধান হ'বলৈ আহ্বান বন বিভাগ তথা সচেতন লোকৰ।
Also Read: বন্ধুক হত্যা কৰাৰ অভিযোগঃ ঘিলামৰা থানাত অব্যাহত জেৰা