মানস অভয়াৰণ্যত আটক ৫ চোৰাং চিকাৰীঃ জব্দ বন্যপ্রাণীৰ বিভিন্ন অংগ

মানস অভয়াৰণ্যত আটক ৫ চোৰাং চিকাৰীঃ জব্দ বন্যপ্রাণীৰ বিভিন্ন অংগ

author-image
Asomiya Pratidin
New Update
মানস অভয়াৰণ্যত আটক ৫ চোৰাং চিকাৰীঃ জব্দ বন্যপ্রাণীৰ বিভিন্ন অংগ

ডিজিটেল ডেস্কঃ শুকুৰবাৰে মানস অভয়াৰণ্যত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চনাই বন বিভাগে। এই অভিযানত অভিযানকাৰী বাহিনীটোৱে আটক কৰিবলৈ সক্ষম হয় ৫জনকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক।

Advertisment

ধৃত চোৰাং চিকাৰীক কেইজনৰ পৰা বনৰক্ষী বাহিনীয়ে গঁড়ৰ খৰ্গ, হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ কৰে। তদুপৰি হাতীৰ দাঁতকে ধৰি বন্যপ্রাণীৰ বিভিন্ন অংগ চোৰাং চিকাৰীকেইটাৰ পৰা জব্দ কৰিছে বাহিনীটোৱে।

Also Read: ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ বিকৃত ৰূপত অসমীয়াৰ হিয়াৰ আমঠু বিহু

Manash National Park