পশ্চিমবংগত গ্ৰেপ্তাৰ হ'ল ধৃত মানস চলিহা

পশ্চিমবংগৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানস চলিহাক।

author-image
Asomiya Pratidin
New Update
মানসে লোৱা পিষ্টল, চৰকাৰী বাহন বিচাৰি অভিযানঃ পোহৰলৈ আহিল প্ৰৱঞ্চনাৰ আন এক ক'লা অধ্যায়...

গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা !

ডিজিটেল ডেস্কঃ গ্ৰেপ্তাৰ হ'ল পাৰে মানস চলিহা। পশ্চিমবংগৰ এখন হোটেলৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মানস চলিহাক। পশ্চিমবংগত আত্মগোপন কৰি আছিল ধৃত চলিহা ।

Advertisment

আলফা (স্বাধীন)ৰ শিবিৰত গুপ্তচৰ কৰিবলৈ গৈ ধৰা পৰা মানস বৰগোঁহাই নামৰ যুৱকজনে এটাৰ পিছত এটাকৈ বিস্ফোৰন ঘটাই থকাৰ মাজতে পোহৰলৈ আহিছে মানস চলিহা নামৰ ব্যক্তিজনৰ এক প্ৰৱঞ্চনাৰ গোচৰ। ইয়াৰ পিছতে এটা পিছত আনটো কেলেংকাৰী , প্ৰৱঞ্চনাৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে। মানস গোহাঁইৰ অভিযোগৰ পাছতেই পলাতক অৱস্থাত আছিল মানস চলিহা ।

মানস বৰগোঁহাইয়ে তেওঁলোকক প্ৰশিক্ষণ দিয়া মানস চলিহাক এছ বিৰ জ'নেল হেড বুলি দাবী কৰি অহাৰ সময়তে দিছপুৰ আৰক্ষী থানাত মানস চলিহাৰ বিৰুদ্ধে ২০২৩ তে ৰুজু হৈ থকা এটা গোচৰৰ কথা পোহৰলৈ আহিছে।

জানিব পৰা মতে মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে সৰকাইছিল। একাংশ সংবাদ মাধ্যমত এই বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী।

এই সংক্ৰান্তত দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগীৰ ভাষ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে, দিছপুৰ থানাত এই গোচৰটো ২০২৩ত গোচৰ ৰুজু কৰা হৈছিল। কিন্তু মানস চলিহাই আৰক্ষীক তদন্তত সহযোগিতা কৰা নাই বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

Also Read: বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুওৱাইছে ৰাইজক

Assam police