বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুওৱাইছে ৰাইজক

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুওৱাইছে ৰাইজক

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথ জিলাৰ মাজেদি যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথে জ্বলাকলা খুওৱাইছে জনসাধাৰণক ৷ বিশ্বনাথৰ অতিব্যস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত ৷ তাৰমাজতে দীৰ্ঘদিনৰে পৰা পথ মেৰামতি নকৰাত ক্ষুব্দ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।

আজিপৰ্যন্ত বিশ্বনাথ চাৰিআলিৰ কোবাইগঢ়া গাৱঁত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ ফলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে , বিশ্বনাথ চাৰিআলিত বাইপাছ নিৰ্মাণ কৰি থকাৰ বাবে পুৰণি মূল পথটো এতিয়া এলাগী হৈ পৰিছে অথচ বাইপাছ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে পুৰণি মূলপথৰেই বাহন সমূহ চলাচল কৰি আছে ৷

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেই হওঁক বা চাৰিলেনযুক্ত পথ নিৰ্মানকাৰী সংস্থাই হওঁক পুৰণি মূলপথটো মেৰামতি কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই ৷ যাৰ পৰিপেক্ষিতত পূৰ্বৰ দৰে অঞ্চলটোত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘণীভূত হৈছে ৷ স্থানীয় ৰাইজে প্ৰশাসনক কেইবাবাৰো লিখিত অভিযোগ দিছে যদিও আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই ৷ অতি সোনকালে পথটো মেৰামতিৰ ব্যৱস্থা নকৰিলে ৰাইজে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খুওৱাইছে ৰাইজক
মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in