'কা' মই নামানো বুলি ফেচবুকত লিখি দিলেই দায়িত্ব শেষ নেকি?- শিল্পী মানস ৰবীনৰ প্ৰশ্ন

জুবিন গাৰ্গে 'কা' সন্দৰ্ভত স্থিতি ৰাজহুৱা কৰাৰ পিছতে ফেচবুকত মানস ৰবীনৰ পোষ্ট
'কা' মই নামানো বুলি ফেচবুকত লিখি দিলেই  দায়িত্ব শেষ নেকি?- শিল্পী মানস ৰবীনৰ প্ৰশ্ন
'কা' মই নামানো বুলি ফেচবুকত লিখি দিলেই দায়িত্ব শেষ নেকি?- শিল্পী মানস ৰবীনৰ প্ৰশ্ন

ডিজিটেল ডেস্কঃ শিল্পী মানস ৰবীনে আজি সামাজিক মাধ্যমত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে মানস ৰবীনে 'কা'ৰ বিৰোধিতাৰে লিখা এটা পোষ্টে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে, মানস ৰবীনে তেওঁৰ ফেচবুক পোষ্টত লিখিছে- 'কা' মই নামানো বুলি কৈ দিলেই বা ফেচবুকত এলাইন লিখি দিলেই মোৰ বা আপোনাৰ দায়িত্ব শেষ নেকি ??কা এখন আইন। এখন আইন প্ৰণয়ন কৰে চৰকাৰে। কা-ৰ বিৰোধিতা কৰা মানে চৰকাৰৰো বিৰোধিতা কৰা। এহাতে চৰকাৰক সমৰ্থন কৰি আনহাতে কা-ৰ বিৰোধিতা কৰাটো মোৰ বা আপোনাৰ চূড়ান্ত সুবিধাবাদ আৰু জাতিধ্বংসী স্হিতিৰ বাদে আন একো নহয়। সময় থাকো‍ঁতেই স্থিতি স্পষ্ট কৰক। নহ'লে ইতিহাসে কাকো ক্ষমা নকৰিব।। মানস ৰবীন ।। (অসম্পাদিত)

তাৎপৰ্যপূৰ্ণভাৱে মানস ৰবীনৰ এই ফেচবুক পোষ্ট এনে এক সময়ত আহিছে যি সময়ত মানস ৰবীনৰ সতীৰ্থ তথা শিল্পী জুবিন গাৰ্গে 'কা'ৰ সন্দৰ্ভত তেওঁৰ স্থিতি ৰাজহুৱা কৰি এক বিজ্ঞপ্তি জাৰি কৰিছে। শিল্পী জুবিন গাৰ্গে 'কা'ক অদৰকাৰী আখ্যাৰে এই আইনৰ বিৰোধিতা পূৰ্বেও কৰিছিল আৰু এতিয়াও কৰে বুলি উল্লেখ কৰিছিল।

ইয়াৰ উপৰি তেওঁ ৰাজনীতি বেয়া পাওঁ বুলি উল্লেখ কৰি অসমত আন্দোলনত বহু মানুহ মৰাৰ কথাও কৈছিল। তেওঁ লিখিছিল- মই ৰাজনীতি কৰা মানুহ নহয়। মই ৰাজনীতি বেয়া পাওঁ। মই 'কা' বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰ-চৰ নাই। কোনো মানুহ কোন পাৰ্টিত আছে মই নাজানো। মই নিজৰ জেগাতে আছোঁ। যদি মানুহে মোক নুবুজে, তেনেহ'লে মোৰ উপায় নাই। মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম।

একেদৰে তেওঁ 'কা'ৰ বিষয়টো উচ্চতম ন্যায়ালয়ত থকাৰ কথা উল্লেখ কৰি ন্যায়ালয়ত একেলগে যুঁজ কৰি জিকিম বুলিও লিখিছিল। কিন্তু তেওঁ এই আইন কাৰ্যকৰী কৰা ৰাজনৈতিক দলৰ বিৰুদ্ধে এটা শব্দও লিখা নাছিল। চৰকাৰৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাছিল। অথচ 'কা'ৰ আন্দোলনৰ জৰিয়তে জন্মলাভ কৰা এটা ৰাজনৈতিক দলৰ তেওঁ নিজেও আছিল প্ৰতিষ্ঠাপক। যাৰ বাবে জুবনিৰ এই স্থিতিয়ে এতিয়া সামাজিক মাধ্যমত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তেনে পৰিস্থিতিৰ মাজতে মানস ৰবীনৰ এই ফেচবুক পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে।

'কা' মই নামানো বুলি ফেচবুকত লিখি দিলেই  দায়িত্ব শেষ নেকি?- শিল্পী মানস ৰবীনৰ প্ৰশ্ন
চাপৰৰ ৰঙামাটিত সংঘটিত নৃশংস হত্যাকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in