মানস প্ৰতিম দত্তৰ "সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিৰ" পৰিৱৰ্দ্ধিত নতুন সংস্কৰণ উন্মোচন

মানস প্ৰতিম দত্তৰ "সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিৰ" পৰিৱৰ্দ্ধিত নতুন সংস্কৰণ উন্মোচন

author-image
Asomiya Pratidin
New Update
মানস প্ৰতিম দত্তৰ "সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিৰ" পৰিৱৰ্দ্ধিত নতুন সংস্কৰণ উন্মোচন

ডিজিটেল সংবাদ,চিলাপথাৰঃ প্ৰকৃতিয়ে আমাক জীয়াই থকাৰ সকলো উপাদান আৰু সম্পদেই যোগান ধৰে। কিন্তু যেতিয়াই এই উপাদান সমূহ লগাতকৈ অধিক ব্যৱহাৰ কৰি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰা হয় তেতিয়াই প্রকৃতিলৈ ভাবুকি নামি আহি পৰে। প্রকৃতিলৈ ভাবুকি অহা মানে মানুহৰ ভৱিষ্যতলৈ ভাবুকি অহা।

Advertisment

বৰ্তমান সময়ত সবাতোকৈ গুৰুত্ব দিবলগীয়া যদিও যিটো গুৰুত্ব নিদিয়া বিষয়টোৱে হ'ল পৰিৱেশ। অতিসম্প্ৰতি যি এমুঠিমান মানুহে হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰি আছে তাৰ ভিতৰতে এজন উদ্যমি যুৱক হ'ল মানস প্ৰতিম দত্ত।

বিজ্ঞান আৰু পৰিৱেশ লেখক,অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক,শিক্ষক মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক বহুল সমাদৃত গ্ৰন্থ 'সংকট সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্রকৃতি'ৰ নতুন সংস্কৰণটো অলপতে পাঠকৰ মাজলৈ মুকলি কৰি দিয়া হয়।

লেখক মানস প্রতিম দত্তই জনোৱা মতে মানুহৰ মাজত সজাগতা আৰু ভবিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়বদ্ধতা সুঁৱৰি পৰিৱেশ সুৰক্ষাৰ দায়িত্ব সাদৰেৰে গ্ৰহণ নকৰিলে মানুহৰ একমাত্র বাসোপযোগী গ্রহটোত বাস কৰিব নোৱৰা পৰিস্থিতি উদ্ভৱ নহ'ব বুলি ক'ব নোৱাৰি।

কেবল দিৱসৰ নামত দিৱস আয়োজন কৰিলেই আমি পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰোঁ। গতিকে কাৰ্যকৰী শিক্ষাৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ চেতনা বিকাশ হ'লে পৰিৱেশ সুৰক্ষিত হ'ব। এইক্ষেত্রত মূল ভূমিকা ল'ব শিশুসকলেই। সেয়েহে গ্রন্থখনত বহুকেইটা কাৰ্যকৰী পৰিৱেশ শিক্ষা আৰু সংৰক্ষণমূলক ধাৰণা বিষয়ে স্তৰ অনুসৰি উনুকিওৱা হৈছে। জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা নতুন পৰিৱৰ্দ্ধিত সংস্কৰণটিৰ প্ৰতি আশাবাদী দত্তই কয় যে, 'এই গ্ৰন্থখন সেইসকল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে- যি শিক্ষার্থীৰ হাতৰ পৰশত এখন সুন্দৰ পৃথিৱী প্রাণ পাই উঠাৰ সপোন দেখে।

এই গ্রন্থখন সেইসকল শিক্ষার্থীৰ বাবে যি কথাৰ পৰিবর্তে কামেনে ধৰণীখন ধুনীয়াকৈ সজাৰ বিচাৰে। এই গ্রন্থখন সেইসকল অভিভাৱক-অভিভাৱিকাৰ বাবে- যি প্রকৃতাৰ্থত বহনক্ষম জীৱনৰ অর্থ বুজি পায়। এই গ্রন্থখন সেইসকল পাঠকৰ বাবে যি সুন্দৰ পৃথিৱী এখনৰ সপোন দেখে, সজাব খোজে সেউজীয়া আৱৰণেৰে।'

পৰিৱেশ শিক্ষাৰ কাৰ্যকৰী কৌশল,অসমৰ পৰিৱেশ সাংবাদিকতাত বিভিন্ন মাধ্যমৰ ভূমিকা,মহীচন্দ্ৰ মিৰিৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ভালেকেইজন পৰিৱেশকৰ্মী আৰু সংগঠনৰ আলোচনা,জুলিয়া হিলৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত নাৰী পৰিৱেশকৰ্মীৰ জীৱন গাঁথা আৰুপৰিৱেশ সংৰক্ষণৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ মনোৰম বৰ্ণনাৰে গ্ৰন্থখন সজোৱা হৈছে।

Also Read: কুৰুৱাবাহী সত্ৰত মঞ্চস্থ হ'ল কেলিগোপাল নাটক

book