কুৰুৱাবাহী সত্ৰত মঞ্চস্থ হ'ল কেলিগোপাল নাটক

কুৰুৱাবাহী সত্ৰত মঞ্চস্থ হ'ল কেলিগোপাল নাটক

author-image
Asomiya Pratidin
New Update
কুৰুৱাবাহী সত্ৰত মঞ্চস্থ হ'ল কেলিগোপাল নাটক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শৰতৰ পূৰ্ণিমা ৰাতি অতি বিতোপন ৰাস ক্ৰীড়া কৰিবাক কৃষ্ণৰ ভৈলা মন। শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণৰ ভক্তিত বিলীন হ'ল সমগ্ৰ ৰাজ্য। বটদ্ৰৱাটো ৰাস মহোৎসৱ উপলক্ষ্যে উখল মাখল পৰিবেশ।

Advertisment

বটদ্ৰৱাৰ বিভিন্ন সত্ৰ, নামঘৰত উৰে নিশা মঞ্চস্থ হ'ল ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া। বটদ্ৰৱাৰ কুৰুৱাবাহী সত্ৰত শতবৰ্ষৰ পৰম্পৰাক সৰোগত কৰি নিশা মঞ্চস্থ কৰা হয় কেলিগোপাল নাটক।

কুৰুৱাবাহী সত্ৰ, গেদাবৰি গাঁও, কোচৰ গাঁও, ফুলনি আটি, ব্ৰাহ্মণ গাঁও, ভৰলী চুককে আদি কৰি কেইবাখনো শতাধিক শিশু-যুৱতী-মহিলাৰ অভিনয়েৰে উৰে নিশা মঞ্চস্থ কৰা হয় কেলিগোপাল নাটখনি। শিল্পী, সাংবাদিক দিব্যজ্যোতি বৰুৱা, বিশ্ব জ্যোতি হাজৰিকা আৰু নৱনীল বায়নৰ পৰিচালনাত অনুষ্ঠিত নাটকখন উপভোগ কৰি আপ্লুত হৈ পৰে সহস্ৰাধিক দৰ্শক।

Also Read: গুজৰাটত প্ৰৱল বৰষুণ আৰু বজ্ৰপাতত প্ৰাণ গ'ল ২০ জনৰ