এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে মানস বৰাই

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খহনীয়া অৱ্যাহত আছে অসমৰ প্ৰদেশ কংগ্ৰেছত
এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে মানস বৰাই

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত খহনীয়া অৱ্যাহত আছে অসমৰ প্ৰদেশ কংগ্ৰেছত। এজন এজনকৈ প্ৰায় ভালেসংখ্যক নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি অইন দললৈ ঢাপলি মেলিছে।

কংগ্ৰেছৰ নীতি-আদৰ্শই যেন আমুৱাইছে একাংশ নেতা-কৰ্মীক। এনে সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা মানস বৰাই শনিবাৰে কংগ্রেছ ত্যাগ কৰে।

জানিব পৰামতে জ্যেষ্ঠ কংগ্ৰেছ নেতা অকণ বৰাৰ পুত্ৰ মানস বৰাই কংগ্রেছৰ প্রাথমিক সদস্য পদো ত্যাগ কৰিছে। তেওঁৰ এই সিদ্ধান্ত সন্দৰ্ভত মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্র প্রেৰণ কৰিছে।

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰা মানস বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত মানস বৰাৰ শেহতীয়া স্থিতি শীঘ্ৰেই জানিব পৰা যাব।

এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে মানস বৰাই
টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উৎসৰ্গা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in