টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উৎসৰ্গা অনুষ্ঠান

টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উৎসৰ্গা অনুষ্ঠান

ডিজিটেল সংবাদ,চৰাইদেউ : অসম ভূ খণ্ডত সাত ৰাজ সামৰি এক ৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি আন আন স্বৰ্গদেউসকলৰ পূণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা উদ্দেশ্য দুদিনীয়াকৈ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে ৭২ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠান। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ শনিবাৰে সামৰণি পৰে ৷

উল্লেখযোগ্য যে প্ৰতিবছৰে চ'ত মাহৰ কৃষ্ণা চতুৰ্থী তিথিত পালন কৰা তৰ্পণ অনুষ্ঠানটি সম্পূৰ্ণ টাই ধৰ্মীয় পৰম্পৰা, ৰীতি-নীতিৰে সম্পন্ন হয় ৷ এই উপলক্ষে আজি অন্তিম টাই পুৰোহিত নৃপেন মহনৰ নেতৃত্বত মহন দেওধাই পুৰোহিতে আহোমৰ উপৰি পুৰুষ, পুলিন-পুথাওসকলক শ্ৰদ্ধাৰে সুঁৱৰি বাঁহৰ মেহেঙা সাজি লুকলাও, কণী, বৰা চাউল, কুকুৰা, ধূপ-কল, গুৱা পাণ, চাকি শলিতা জ্বলাই নৈবেদ্য আগবঢ়াই বানফী পূজা সম্পন্ন কৰাৰ লগতে আহোম স্বৰ্গদেউ সকলৰ স্মৃতিত ৪২ খন পায়স শৰাই উছৰ্গা কৰে ৷

দুপৰীয়া “অসম, অসমীয়া জাতি নিৰ্মাণত অহোম স্বৰ্গদেউ সকলৰ অৱদান” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উল্লেখযোগ্য যে ত্ৰয়োদশ শতিকাত সুদূৰ পাটকাইৰ সিপাৰৰ পৰা আহি অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাৰ যোগেদি বৰ অসম গঢ়া চাওলুং চুকাফাৰ লগতে আন স্বৰ্গদেউ আৰু ডা- ডাঙৰীয়া সকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৫২ চনৰ পৰা ধাৰাবাহিকভাৱে পৰম্পৰাগত ৰীতিনীতিয়ে ঐতিহাসিক চৰাইদেউ মৈদামথলীত ৪২খন শৰাই দিয়া এই বছৰেকীয়া অনুষ্ঠানভাগী পালন কৰি আহিছে ৷

টাই ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতিৰে ৪২ খন শৰাই উৎসৰ্গা অনুষ্ঠান
ওপৰ চচল বিহু সন্মিলনৰ চতুৰ্বিংশতিতম ব'হাগী উৎসৱৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in