/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/96c7704a-b951-4dd5-adb2-0f8adc99f66b/fsfgvsw.jpg)
digboi
ডিজিটেল ডেস্ক : ডিগবৈৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ডিগবৈৰ পাৱৈৰ দৈনিক বজাৰত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। উল্লেখ্য যে বজাৰ গৃহৰ লগতে জুইত জাহ যায় ৫০ টা বাসগৃহ।
জানিব পৰা মতে অগ্নিকাণ্ডত বিস্ফোৰণ হয় কেইবাটাও চিলিণ্ডাৰ। ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। কিন্তু বৰ্তমানলৈও অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই।
আৰু পঢ়ক : মহানগৰীৰ গঁড়চুকত উদ্ধাৰ ৫০০ কেজি গাঞ্জা