পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকেঃ পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি পিতৃৰ চৰম পন্থা

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকেঃ পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি পিতৃৰ চৰম পন্থা

ডিজিটেল ডেস্কঃ পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি পিতৃয়ে ললে চৰম পন্থা। পহিলা বহাগৰ দিনটোত তিতাবৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। পিতা-পুত্ৰ আৰু ভতিজাকৰ মৃত্যুত কান্দোনৰ ৰোল পৰিয়ালটোত।

জানিব পৰা মতে গোৱাৰ আগা চেইম  আৰক্ষী থানাৰ কিছু নিলগত বাইক দুৰ্ঘটনাতপতিত হৈ থিতাতে মৃত্যু হৈছিল দুই ভাই-ককাই  অচ্যুৎ ৰঞ্জন গগৈ আৰু পাপু গগৈৰ। পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে।

যাৰ বাবে দেওবাৰে নিশা পুত্ৰ পাপু গগৈৰ  মৃত্যুৰ বেদনাত পিতৃ  অনিল গগৈয়ে ঘৰৰ পিছফালে চিপজৰী লৈ আত্মহনন কৰে। অচ্যুৎ ৰঞ্জন গগৈয়ে গোৱাৰ হাউচ কিপিং নামৰ কোম্পানীত চিকউতি গাৰ্ড আৰু পাপু গগৈয়ে গোৱাৰ পেৰা গ্ৰীন নামৰ কোম্পানীত চিকউতি গাৰ্ড হিচাপে কৰ্মৰত আছিল।

অচ্যুৎ ৰঞ্জন গগৈৰ বৰদেউতাক হৈছে অনিল গগৈ। দুই যুৱকৰ ঘৰ তিতাবৰ এলেঙী খাৰখোৱাত। সমগ্র ঘটনাই তিতাবৰ এলেঙী খাৰখোৱাত শোকৰ ছাঁ পেলাইছে।

অনিল গগৈৰ মৃত্যুৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই যুৱকেঃ পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰি পিতৃৰ চৰম পন্থা
মন্দিৰৰ পৰা উভতাৰ পথতেই পথ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৭ জনৰ মত্য়ু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in