মন্দিৰৰ পৰা উভতাৰ পথতেই পথ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৭ জনৰ মত্য়ু

মন্দিৰৰ পৰা উভতাৰ পথতেই পথ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৭ জনৰ মত্য়ু

ডিজিটেল ডেস্কঃ দেওবাৰে ৰাজস্থানৰ চিকৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। চুৰু-ছালাছৰ ঘাইপথত সংঘটিত এই দুৰ্ঘটনা ঘটনাস্থলীতে নিহত দুটি শিশুসহ ৭ জন লোক।

দ্রুতবেগী বাহনে এখন ট্রাকত প্রচণ্ড খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে প্ৰথমে তীব্ৰবেগী বাহনখনে ট্ৰাকখনত খুন্দা মাৰে আৰু পাছত জ্বলি উঠে দুয়োখন বাহন।

যাৰ ফলত চাৰিচকীয়া বাহনখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে একে পৰিয়ালৰে ৭ জনৰ। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা পৰিয়ালটো আছিল উত্তৰপ্রদেশৰ। ছালাছৰ বালাজী মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনত কেইবাটাও কাৰ্টুন আছিল। যাৰ বাবে জুইৰ প্ৰকোপ বেছি হয়। জুই ইমানেই ভয়ংকৰ আছিল যে ইয়াক নিৰ্বাপন কৰাত প্ৰায় আধা ঘন্টা সময় লাগিছিল।

ঘটনাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। মৃতসকলৰ ভিতৰত দুজন পুৰুষ, তিনিগৰাকী মহিলা আৰু শিশু দুটা আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মন্দিৰৰ পৰা উভতাৰ পথতেই পথ দুৰ্ঘটনাঃ একেটা পৰিয়ালৰ ৭ জনৰ মত্য়ু
আজি গোসাঁই বিহু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in