আলহীৰ ঘৰলৈ ফুৰিব আহি সন্ধানহীন উত্তম বসুমতাৰী

কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এজন ব্যক্তিৰ নিৰুদিষ্ট হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
আলহীৰ ঘৰলৈ ফুৰিব আহি সন্ধানহীন  উত্তম বসুমতাৰী

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীত কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এজন ব্যক্তিৰ নিৰুদিষ্ট হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে উত্তম বসুমতাৰী নামৰ লোক জন লুটুমাৰীলৈ ফুৰিব আহিছিল। কিন্তু আলহী ঘৰৰ পৰাই সন্ধানহীন হয় ব্যক্তি জন। পৰিয়ালৰ লোকে বিচাৰি হাবাথুৰি খাইছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে পৰিয়ালৰ লোকে। আনহাতে কোনোৱে যদি উত্তম বসুমতাৰীক দেখা পাই তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়- ৯৬৭৮৯৭৭৪০১ আৰু ৬০০০৪৯৯৩৭৮ ।

Also Read: ভাড়াঘৰত ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

Assam police