পত্নীক হত্যা কৰি স্বামীয়ে পুতি থ'লে শিলৰ দমত...

পত্নীক হত্যা কৰি স্বামীয়ে পুতি থ'লে শিলৰ দমত...

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ টিপলাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। শিলৰ দ'মৰ পৰা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। তাৰপাছতেই অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি খেৰা মুৰাৰী নামৰ লোকজনৰ পত্নী আজি পুৱাৰে পৰা ঘৰত নাছিল। মহিলাগৰাকী সম্পৰ্কে ওচৰ-চুবুৰীয়াই সোধ-পোছ কৰাত খেৰা মুৰাৰীয়ে তেওঁৰ পত্নী মাকৰ ঘৰলৈ যোৱা বুলি কয়।

কিন্তু ৰহস্যজনকভাৱে সন্ধিয়া উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। তেতিয়া অভিযুক্ত খেৰা মুৰাৰীয়ে স্বীকাৰ কৰে হত্যাকাণ্ডৰ কথা। হত্যাৰ পাছত তেওঁ পত্নীৰ মৃতদেহটো শিলৰ দ'মত পুতি থৈছিল।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে অভিযুক্তক আটক কৰি তদন্ত ৰাখিছে অব্যাহত।

অৱশ্যে কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ওচৰ-চুবুৰীয়াৰ মতে খেৰা মুৰাৰীয়ে প্ৰতিদিনেই সুৰাপান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।

পত্নীক হত্যা কৰি স্বামীয়ে পুতি থ'লে শিলৰ দমত...
ৰে'ল ষ্টেচনত যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in