ৰে'ল ষ্টেচনত যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ...

ৰে'ল ষ্টেচনত যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ...

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিশ্বকৰ্মা পূজাৰ প্ৰাগ মূ্ৰ্হুতত লামডিঙত তেজেৰে ৰক্তাক্ত হ'ল ষ্টেচন চৌহদ।

লামডিং ৰে'ল ষ্টেচনৰ চৌহদত এজন ব্যক্তিক দুৰ্বৃত্তই ৰডেৰে মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীগৰাকী ষ্টেচনৰ পাৰ্চেল বিভাগৰ এগৰাকী শ্ৰমিক বুলি জানিব পৰা গৈছে।

দুৰ্বৃত্তই শ্ৰনিকগৰাকীক আক্ৰমণ কৰি ষ্টেচনত পেলাই থৈ যায়। অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰোৱা হয়। আহত শ্ৰমিকগৰাকী লামডিং ইষ্ট স্কুলৰ সমীপৰৰ অমৰ দে বুলি চিনাক্ত হৈছে।

অমৰক প্ৰহাৰ কৰি দুৰ্বৃত্তই চেইন, নগদ ধন কাঢ়ি নিয়াৰ অভিযোগ উত্থপিত কৰে পৰিয়াল লোকে।আনহাতে ঘটনাস্থলীত ৰেটল আৰক্ষী উপস্থিত নোহোৱাৰ অভিযোগ আনিছে পৰিয়াল লোকে।

কোনে কিয় লোকজনক হত্যাৰ অপচেষ্টা কৰিছে সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত। বৰ্তমান তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব দিয়ে চিকিৎসকে।

ৰে'ল ষ্টেচনত যুৱকক মৰিয়াই মৰিয়াই হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ...
ছুটীত থকা সেনা জোৱানক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in