ভুল দিশেৰে চলোৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল পিতৃসহ দুই কন্যাৰ...

 ভুল দিশেৰে চলোৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল পিতৃসহ দুই কন্যাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ডবকাৰ জাব্রাখোৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্রবেগী ডাম্পাৰে মহটিয়াই নিলে একেটা পৰিয়ালৰে ৩জনক। দেওবাৰে সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

থিতাতে নিহত বাইক আৰোহী পিতৃসহ দুই শিশু কন্যা। নিহত জাকিৰ হুছেইন আৰু তেওঁৰ দুই কন্যা। দুই কন্যাৰ বয়স ৬ ৰ পৰা ৭ বছৰমান হ'ব বুলি জানিব পৰা গৈছে। মৃত জাকিৰ হুছেইনৰ ঘৰ কামপুৰৰ বকুলগুৰিত।ঘটনাস্থলীত উপস্থিত হৈ ডবকা আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰে মৃতদেহ।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS-01-BC-9504। জানিব পৰা মতে ডাম্পাৰ চালকে অত্যাধিক মদ্যপান কৰি ভুল দিশেৰে চলাইছিল ডাম্পাৰখন।ভুল দিশেৰে আহি এখন পালচাৰ বাইকক মহটিয়াই নিয়াৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীয়ে ডাম্পাৰৰ চালকক আটক কৰিছেনে নাই বাতৰি লিখাৰ পৰলৈকে জানিব পৰা হোৱা নাই।

 ভুল দিশেৰে চলোৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল পিতৃসহ দুই কন্যাৰ...
৪৩ NCP বিধায়কক লগত লৈ মহাৰাষ্ট্ৰৰ বিজেপি সমৰ্থিত চৰকাৰত যোগদান অজিত পাৱাৰৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in