বিশ্বনাথ ৰে'ল ষ্টেচনত ড্ৰাগছসহ আটক এজন

বিশ্বনাথ ৰে'ল ষ্টেচনত ড্ৰাগছসহ আটক এজন

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ ৰে'ল ষ্টেচনত ড্ৰাগছসহ আটক এজন

ডিজিটেল সংবাদ,বিশ্বনাথ : বিশ্বনাথ ৰে'ল ষ্টেচনত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হয়। এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে বিশ্বনাথ আৰক্ষীয়ে অভিযান চলাই বিশ্বনাথ ষ্টেচনৰ পাৰ্কিং প্লেচত ড্ৰাগছসহ কৰায়ত্ত কৰে আশ্ৰাদুল আলিক।

Advertisment

কলিকতাৰ পৰা তিনিচুকীয়া অভিমুখী কামৰূপ এক্সপ্ৰেছত অহা ভোলা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি দিছিল আশ্ৰাদুলক। আৰক্ষীৰ এই অভিযানত ধৃত যুৱকজনৰ পৰা ড্ৰাগছ ভৰ্তি ১৮ টা কণ্টেইনাৰ আৰু ৮ টা চিৰিঞ্জ জব্দ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত আশ্ৰাদুলৰ ঘৰ ইটাখোলাত। ইয়াৰোপৰি আশ্ৰাদুলৰ এল্ট গাড়ীখনো জব্দ কৰিছে আৰক্ষীয়ে।

Also Read: সুখ সুখ বুলি মানুহ বলিয়া...

biswanath police