ট্ৰেইনৰ খুন্দাত মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ…

ট্ৰেইনৰ খুন্দাত মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ…

author-image
asomiyapratidin
New Update
ট্ৰেইনৰ খুন্দাত মৃত্যু কৌতুক অভিনেতা হৰেশ্বৰ ডেকাৰ…

ডিজিটেল ডেস্ক: বুধবাৰে মহানগৰীৰ নুনমাটি কেবিন চকত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কলংপাৰ এক্সপ্ৰেছৰ খুন্দাত মৃত্যু এজন শিল্পীৰ। মৃত শিল্পী জনৰ নাম হৰেশ্বৰ ডেকা।

হৰেশ্বৰ ডেকাৰ ঘৰ মঠঘৰীযাৰ বড়ো চকত। শিল্পী গৰাকী কৌতুক অভিনেতা আছিল বুলি জানিব পৰা গৈছে ।
আৰ্থিক দিনতাৰ বাবে শিল্পী গৰাকীয়ে ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই।

ঘটনা স্থলীত ৰেল আৰক্ষী আৰু নুনমাটি আৰক্ষী উপস্থিত হৈ শিল্পী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ কৰি জি এম চি এইচ লৈ প্ৰেৰণ কৰিছে। শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ মঠঘৰিয়া অঞ্চলত।

আৰু পঢ়ক: দৰ্শক বিজেপি, যাদু নীতিশৰ…

assam dead guwahati