দৰ্শক বিজেপি, যাদু নীতিশৰ…

দৰ্শক বিজেপি, যাদু নীতিশৰ…

বৰষা শৰ্মা

ফোন কৰিছিল জে পি নাড্ডাই। অনুৰোধ কৰিছিল অমিত শ্বাহেও । সিদ্ধান্ত সলনি কৰিব নোৱাৰিলে এই ফোনে, এই অনুৰোধে। যি সিদ্ধান্ত লৈ থৈছিল সেই সিদ্ধান্ত মৰ্মেই পদত্যাগ কৰি বিহাৰত নতুন চৰকাৰ গঠনৰ বাট মুকলি কৰি ল'লে নীতিশ কুমাৰে।

দেশৰ ৰাজনীতিতেই তেওঁ অভিজ্ঞ। কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰীলৈকে ৰাজনীতিৰ বহু উত্থান-পতনৰ সাক্ষী হৈছে তেওঁ। তেওঁ জানে কাক কেতিয়া ধৰিব বা কাক কেতিয়া এৰিব লাগে। বিজেপিয়ে বিহাৰত তেওঁৰ দলতকৈ অধিক আসন লাভ কৰাৰ পাছতেই ২০২০ ৰ বিহাৰ বিধান সভা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ চকী তেওঁকেই এৰি দিবলৈ বাধ্য হৈছিল।

যি সময়ত বিৰোধী পক্ষৰ অৱস্থান বিজেপিয়ে নিশ্চিহ্ন কৰি দিছে, সেই সময়ত নীতিশ কুমাৰে এক বিপৰীত বাৰ্তা প্ৰেৰণেৰে দেশৰ ৰাজনীতিৰ বাবে দিছে এক টাৰ্ণিং পইন্টৰ ইংগিত। ভাবিবলৈ বাধ্য হৈছে ক্ষমতাত থকা দলটোৱে বিজেপিয়ে ইচ্ছা কৰাৰ দৰে সকলোকেই আঙুলিৰ ঠাচত নচুৱাব নোৱাৰি।

বুধবাৰে অষ্টম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে। সমগ্ৰ দেশতে বিজেপিয়ে ৰাজনীতিৰ খেল খেলি থকাৰ মাজতেই এইবাৰ বিহাৰত জনতা দল(সংযুক্ত)ই গল দিলে বিজেপিক। মঙলবাৰে এন ডি এৰ সৈতে মিত্ৰতা ভংগ কৰি লালু প্ৰসাদৰ বাসগৃহত মহাজোঁটবন্ধন কৰে ৭ টাকৈ দলে।

বিজেপিক অস্বস্তিত পেলাই পদত্যাগ কৰি মহাগোটবন্ধনৰ নেতা হিচাপে নতুন চৰকাৰ গঠনৰ দাবী কৰিছিল নীতিশ কুমাৰে। লগতে ৰাজ্যপাল ফাগু চৌহানৰ ওচৰত ১৬৪ গৰাকী বিধায়কৰ সমৰ্থিত পত্ৰও প্ৰদান কৰিছিল। বিহাৰত বিজেপিৰ এক অন্য বিফলতা এয়া।

মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ নেতৃত্বত চৰকাৰ গঠনৰ প্ৰায় ২ মাহ পাছতেই বিজেপিৰ এনে বিপৰ্যয় মন কৰিবলগীয়া। কিন্তু বিহাৰৰ এই ৰাজনৈতিক মেৰুকণৰ ফলত ভাৰতীয়া ৰাজনীতিয়ে এক নতুন মুৰ লোৱা পৰিলক্ষিত হয়।  যি সময়ত বিজেপিয়ে সমগ্ৰ দেশতে নিজৰ যাদু চলাবলৈ চেষ্টা কৰি আছে তেনে সময়ত এক প্ৰকাৰ বিহাৰৰ পৰা বাহিৰ হ'ল বিজেপি।

বিগত কেইবছৰ বিজেপিয়ে প্ৰতিখন ৰাজ্য নিজৰ কবলত অনাৰ অপ্ৰাণ চেষ্টা কৰি গৈছে আৰু বহু সময়ত সফল হোৱাও পৰিলক্ষিত হয়। এনে এটা সয়ম আহি পৰিছিল যে দেশত বিজেপিৰ বাবে কোনো উপযুক্ত বিৰোধী নাছিল বুলিয়েই ক'ব পাৰি।

অন্যহাতে বিজেপিয়েও দাবী কৰি আহিছিল যে আগন্তুক ৩০-৪০ বছৰ দেশত কেৱল এন ডি এৰ চৰকাৰ চলিব আৰু দেশত বিশ্বগুৰু আখ্যা দিব। তদুপৰি বহু সময়ত বিজেপিয়ে কৈ আহিছিল যে তেওঁলোকৰ কোনো উপযুক্ত বিৰোধী নাই।

কিন্তু বিহাৰৰ এই ৰাজনীতিৰ খেলে শলঠেকত পেলাইছে বিজেপিক। সন্মুখত আছে লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বেই দেশত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ সকলো ধৰণৰ চেষ্টায়েই কৰি গৈছে। কিন্তু বিজেপিয়ে নভৱাকৈয়ে বিহাৰত হেৰুৱালে ক্ষমতা।

বিহাৰত বিজেপিৰ পতনে চিন্তিত কৰি তুলিছে শীৰ্ষ নেতা সকলক। তেওঁলোকৰ ৰাজনৈতিক সমীকৰণৰ খেলি মেলি কৰিলে নীতিশ কুমাৰ, তেজস্বী যাদৱে। কিয়নো পৰৱৰ্তী পৰিস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী হিচাপেও প্ৰক্ষেপ হ'ব পাৰে প্ৰৱীণ নেতা নীতিশ কুমাৰ। এই প্ৰৱীণ নেতা গৰাকীকে মধ্যমণি হিচাপে লৈ পৰৱৰ্তী সময়ত বিৰোধী শক্তি সমূহে বিজেপি বিৰোধীৰ শক্তিৰ পুনবিন্যাস ঘটোৱাৰ সম্ভাৱণা আছে।

উল্লেখ্য যে, অতি বিচক্ষণশীল ৰাজনীতিবিদ নীতিশ কুমাৰ এইবাৰ ৮ তম বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল। ইয়াৰ পূৰ্বে নেতা গৰাকীয়ে ২০০০ চনক ৩ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ জনতা দল(ইউ)-বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তাৰ পাছত ২০০৫ চনৰ  ২৪ নৱেম্বৰৰ পৰা ২০১০ চনৰ ২৬ নৱেম্বৰ পৰ্যন্ত সংযুক্ত জনতা দল-বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰে।

পুনৰ ২০১৪ চনৰ ২৫ নৱেম্বৰৰ পৰা ২০১৪ চনৰ ১৯ মে পৰ্যন্ত তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। পাছত ২০১৫ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯ নৱেম্বৰ পৰ্যন্ত ৰাষ্ট্ৰীয় জনতা দল আৰু কংগ্ৰেছৰ সমৰ্খনত তেওঁ চৰকাৰ গঠন কৰে, পাছচ  ২০১৫ চনৰ ২০ নৱেম্বৰৰ পৰা ২০১৭ চনৰ ২৬ জুলাইলৈ ৰাষ্ট্ৰীয় জনতা দল- কংগ্ৰেছৰ সহযোগত চৰকাৰ গঠন কৰে,  ২০১৭ চনৰ ২৭ জুলাইৰ পৰা ২০২০ চনৰ ২৪ নৱেম্বৰ পৰ্যন্ত  আৰু ২০২০ চনৰ ২৫ নৱেম্বৰৰ পৰা ২০২২ চনৰ ৯ আগষ্ট পৰ্যন্ত সংযুক্ত জনতা দল আৰু বিজেপিৰ নেতৃত্বত থাকে নীতিশ কুমাৰ।

অন্যহাতে ৰাজ্যসভাতো বিজেপিৰ কিছু বিপৰ্যয় পৰিলক্ষিত হয়। ৰাজ্যসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা হৈছে ২৩৭ খন। বৰ্তমান আঠ খন আসন খালী আছে – জম্মু আৰু কাশ্মীৰৰ পৰা চাৰি খন, ত্ৰিপুৰাৰ পৰা এখন আৰু তিনিখন মনোনীত প্ৰাৰ্থীৰ বাবে সংৰক্ষিক আসন। ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ১১৯। উল্লেখ্য যে ৰাজ্যসভাত এনডিএৰ বৰ্তমানৰ আসন ১১৫ খন, য'ত পাঁচজন মনোনীত সাংসদ আৰু এজন নিৰ্দলীয় প্ৰাৰ্থী আছে। জেডি(ইউ) আঁতৰি যোৱাৰ পিছত, ৰাজ্যসভাত এন ডি এৰ আসনৰ সংখ্যা ১১০ লৈ হ্ৰাস পালে। অৰ্থাৎ উচ্চ সদনত শাসকীয় দলটোৰ সংখ্যালঘু হৈ পৰিল।

জে ডি ইউৰ নেতৃত্বৰ অভিযোগ, বিজেপিয়ে  দলটোক দুৰ্বল কৰাৰ চেষ্টা কৰি আহিছিল।যাৰ বাবে মন্ত্ৰী-বিধায়ক সকলে বিজেপিৰ সৈতে মিত্ৰতাত থাকিব বিচৰা নাছিল আৰু তেওঁলোকৰ কথাৰ প্ৰতি সঁহাৰি জনাই নীতিশ কুমাৰে মিত্ৰতা ভংগৰ সিদ্ধান্ত লয়।

সেই নীতিশ কুমাৰৰ উপৰিও তেজস্বী যাদৱে বিহাৰৰ উপ মুখ্যমন্ত্ৰী পদ লাভ কৰিলে । বিজেপিয়ে অন্য ৰাজ্যত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে বিহাৰত প্ৰায় সূৰ্য অস্ত গ'ল বিজেপিৰ।

বিহাৰত বিজেপিৰ এই পতনে আন বিৰোধী শক্তি সমূহক সাহস দিব বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ। বিজেপিয়ে সকলো দিশৰ পৰাই বিৰোধী শক্তি সমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰি আহিছিল। যাৰ বাবে জনতা তথা অন্য বিৰোধী দল সমূহে  প্ৰায় মানি লৈছিল যে বিজেপিক প্ৰতিহত কৰা সম্ভৱ নহয়।

কিন্তু নীতিশ কুমাৰে যে বিৰোধী শক্তি সমূহক বিজেপিৰ বিৰুদ্ধে থিয় হোৱাৰ বাবে সুযোগ দিলে। এই সুযোগ নিশ্চয়কৈ গ্ৰহণ কৰিব বিৰোধী শক্তিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in