জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে কি লিখি থৈ গ'ল টেট শিক্ষকগৰাকীয়ে...

জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে কি লিখি থৈ গ'ল টেট শিক্ষকগৰাকীয়ে...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা খানাপাৰত উদ্ধাৰ হয় এটি মৃতদেহ। এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত হৈছে। প্ৰণৱ মিলি কৰ্মসূত্ৰে আছিল মানকাচৰত।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈয়ে আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত এয়া এক আত্মহত্যা বুলি সন্দেহ কৰা হৈছে। কিয়নো প্ৰণৱ মিলিৰ ওচৰৰ পৰা উদ্ধাৰ হয় এখন চুইচাইড নোট।

য'ত তেওঁ লিখে যে দৰমহা কম বাবে চলিব নোৱাৰে। তাৰপাছত লিখিছে- ''ল'ৰা-ছোৱালী মাকৰ লগত থাকিব লগা হয়। সৰু ল'ৰা এটাও আছে।এচ বি আইত লোন আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল'লো। মোৰ মৃত্যুয়ে যাতে সিহতৰ জীৱনত ক্ষতি নকৰে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫ টা বছৰ চাকৰিকাল আছে । মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই''।

ঋণৰ বোজাৰ বাবে এই সিদ্ধান্ত ললে প্ৰণৱ মিলিয়ে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো-জা কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে কি লিখি থৈ গ'ল টেট শিক্ষকগৰাকীয়ে...
খানাপাৰত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলিৰ বুলি চিনাক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in