খানাপাৰত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলিৰ বুলি চিনাক্ত

খানাপাৰত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলিৰ বুলি চিনাক্ত
Published on
Updated on

ডিজিটেল ডেস্কঃ মহানগৰীৰ খানাপাৰাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। শুকুৰবাৰে এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

প্ৰথম অনস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে চিনাক্ত কৰে মৃতদেহটো। মৃতদেহটো প্রণৱ মিলি নামৰ এগৰাকী টেট শিক্ষকৰ বুলি জানিব পৰা গৈছে। ২০১৬ চনত শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল প্ৰণৱে।

প্ৰণৱ মিলি ধুবুৰীত কৰ্মৰত আছিল। ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে ৰহস্যৰ। এয়া আত্মহত্যা নে পৰিকল্পিত হত্যা সেয়া নিশ্চিত হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

খানাপাৰত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলিৰ বুলি চিনাক্ত
অনাস্থা প্ৰস্তাৱঃ বিৰোধী শূণ্য সদনত মৌখিক ভোটত জয়ী মোডী নেতৃত্বাধীন চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in