লিংগ পৰিবৰ্তন কৰি বিয়াৰ বাবে হেঁচা! চৰম পন্থা যুৱকৰ...

লিংগ পৰিবৰ্তন কৰি বিয়াৰ বাবে হেঁচা! চৰম পন্থা যুৱকৰ...

ডিজিটেল ডেস্কঃ মহানগৰীৰ পাণ্ডুৰ পৰা এজন যুৱকৰ আত্মহত্যাৰ খবৰ পোহৰলৈ আহিছে। শুকুৰবাৰে পুৱা মনচুৰ আলম নামৰ যুৱকজনৰ মৃতদেহ নিজ গৃহৰ বাথৰুমত উদ্ধাৰ হয়। মৃত মনচুৰ আলমৰ ঘৰ পাণ্ডু কেবিনত।

মানসিক অত্যাচাৰৰ বলি হৈ মনচুৰে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰলোকে। দীৰ্ঘ দিন ধৰি মনচুৰ আলমক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ এজনৰ বিৰুদ্ধে।

পৰিয়ালে জনোৱা অনুসৰি লিংগ পৰিৱৰ্তন কৰা বিধান বৰুৱা ওৰফে স্বাতিয়ে বহু দিন ধৰি বিয়া পাতিবলৈ মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল যুৱকজনক। লিংগ পৰিৱৰ্তন কৰা বিধান বৰুৱা মনচুৰ আলমৰ বিৰুদ্ধে ধৰ্ষণ, প্ৰতাৰণাৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰ মৰ্মে যুৱকজনে কাৰাবাস খাটিছিল আৰু বৰ্তমানো গোচৰ চলি আছিল।

 ইতিমধ্যে মনচুৰ আলমৰ মৃতদেহ উদ্ধাৰ কৰিছে জালুকবাৰী আৰক্ষীয়ে। পৰিয়ালৰলোক যুৱকজনৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ন্যায় দাবী কৰিছে।

লিংগ পৰিবৰ্তন কৰি বিয়াৰ বাবে হেঁচা! চৰম পন্থা যুৱকৰ...
নিৰ্বাচন সংক্ৰান্তীয় ঘটনাঃ জেএনইউত ABVP-বাঁওপন্থী সমৰ্থিত ছাত্ৰৰ মাজত মাৰপিট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in