গহপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

গহপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অধীনস্থ ঘাহিগাঁও আৰক্ষী চকীৰ এলেকাধীন কুঠাইচুক গাঁৱত এগৰাকী সৰবৰহী যুৱ ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মঙলবাৰে পুৱা সমগ্ৰ গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা যুৱ ব্যৱসায়ী জনৰ নাম সুৰুযমণি শইকীয়া(২৪) ওৰফে বু-মণি বুলি জানিব পৰা গৈছে।

এইক্ষেত্ৰত গাঁওখনৰ ৰাইজে সংবাদ মাধ্যমৰ আগত অভিযোগ উথাপন কৰি কয় যে সুৰুযমণি শইকীয়া হৈছে গাঁওখনৰ এজন জনপ্ৰিয় যুৱক।তেওঁৰ আচাৰ-ব্যৱহাৰ, মাত-কথা আদিয়ে গাঁওবাসীক মুগ্ধ কৰি আহিছিল।গাঁওবাসীৰ বাবে অতি মৰমীয়াল এই যুৱক জনক কিন্তু তেওঁৰ নিজ মাতৃ ননী শইকীয়া(৫০)ই সম্পত্তি কেন্দ্ৰীক বিষয়ক লৈ দীৰ্ঘ দিন ধৰি অত্যাচাৰ চলাই আহিছিল।আনকি ননী শইকীয়াই বোৱাৰীয়েকৰ ওপৰতো চলাই আহিছিল মানসিক আৰু শাৰিৰীক নিৰ্য্যাতন।

ননী শইকীয়াই তেওঁৰ সা-সম্পত্তিসমূহ পুত্ৰ সুৰুযমণিৰ সলনি বিবাহিত জীয়াৰী জ্যোতিস্ময়ী শইকীয়া আৰু বালিজান কটকটকীচুকৰ জোৱায়েক জীৱন জ্যোতি বৰাক দিবলৈ কূট কৌশল চলাই অহাৰ বাবেই তেওঁলোকৰ ঘৰত দৈনিক সম্পত্তি কেন্দ্ৰিক সংঘাত চলি আহিছিল।লাহে লাহে ননী শইকীয়াই একেখন ঘৰতে থকা পুত্ৰ সুৰুযমণি আৰু বোৱাৰীয়েকক দেখিব নোৱাৰা হৈ আহিছিল।তেওঁলোকৰ ঘৰত অব্যাহত থকা এনে সংঘাতৰ মাজত প্ৰৱেশ ঘটে এটা বিশেষ চৰিত্ৰৰ।যিটো চৰিত্ৰৰ সকলো আপত্তিজনক কথা মবাইলত ধৰা পেলাই সুৰুযমণি শইকীয়াই।

এইক্ষেত্ৰত গাঁওবাসীয়ে সংবাদ মাধ্যমৰ আগত মুকলিকৈ অভিযোগ উথাপন কৰি কয় যে ননী শইকীয়াৰ ঘৰৰ কাষতে আছে তুলশী বৰা(৪৫) ওৰফে ভীম নামৰ এজন যুৱকৰ ঘৰ।যি গৰাকী তুলশী বৰাই এতিয়ালৈকে ৬/৭ জনীকৈ পত্নী ৰাখি আটাইকেইগৰাকীক ঘৰৰ পৰা খেদি দিছে।এটা দাগী অপৰাধী বুলি পৰিচিত জেল ফেৰৎ তুলশী বৰাৰ লগত স্বামী হাৰা ননী শইকীয়াৰ আছে অবৈধ সম্পৰ্ক।যি অবৈধ সম্পৰ্কৰ কথা ধৰা পেলাই পুত্ৰ সুৰুযমণিয়ে নিজেই।

লম্পট তুলশী বৰাই মাতৃ ননী শইকীয়ালৈ সঘনাই দিয়া যৌনগন্ধী যুক্ত অশ্লীল ভিডিঅ'ৰ লগতে দুয়োপক্ষৰ ভিডিঅ' বাৰ্তাৰ সৱিশেষ তথ্য আন দিনাৰ দৰে কালি দিনত ধৰা পেলাইছিল পুত্ৰ সুৰুযমণিয়ে।যাৰ বাবে উক্ত কাৰণত মাতৃ-পুত্ৰৰ লগত কাজিয়াৰ সূত্ৰপাত হয়।ননী শইকীয়াই নিজকে ধোৱা তুলশীৰ পাত সজাবলৈ ঘাঁহিগাঁও আৰক্ষী চকীত পুত্ৰ সুৰুযমণিৰ বিৰূদ্ধে দিয়ে এখন এজাহাৰ।

নিশা আৰক্ষী চকীত বিষয়টো আপোচ মিমা‌ংসা হোৱাৰ পিছত নিজৰ ঘৰত গৈ উপস্থিত হয় সুৰুযমণি।ঘৰত নিশাটো কটোৱা সুৰুযমণিৰ মৃতদেহ আজি পুৱা প্ৰায় ৭ বজাত কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছত উত্তপ্ত হৈ পৰে কুঠাইচুক গাঁও।চিপ লৈ ওলমি থকা সুৰুযমণিৰ দুয়োখন ভৰি মজিয়াত ভৰ দি থকা আৰু কোঠাৰ দুৱাৰ খুলি থকা দৃশ্যই সুৰুযমণিৰ মৃত্যুৰ কাৰণ এটা পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে কুঠাইচুক গাঁৱৰ ৰাইজে।মাতৃৰ পৰকীয়া প্ৰেমৰ তথ্য ফাদিল কৰি দিয়া এই প্ৰেমত বাধা দিয়াৰ কাৰণেই সুৰুযমণিক নিজ মাতৃয়ে হত্যা কৰি ওলোমাই থোৱা বুলি সন্দেহ কৰিছে গাঁওবাসীয়ে।

এই হত্যা কাণ্ডৰ লগত তুলশী বৰা ওৰফে ভীমো জড়িত বুলি মন্তব্য কৰিছে গাঁওবাসীয়ে।লক্ষণীয় ভাবে আজি পুৱা সুৰুযমণিৰ মৃতদেহ উদ্ধাৰ হোৱা সময়ত তেওঁৰ মাতৃ ননী শইকীয়া অতি নাটকীয় ভাবে ঘৰৰ পৰা অন্তৰ্ধান হৈছিল।উক্ত ঘটনাৰ সৱিশেষ কাৰণ বৰ্ণনা কৰি পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে ননী শইকীয়া আৰু তুলশী বৰাক আটক কৰিছে।তদুপৰি কুঠাইচুক গাঁৱৰ ৰাইজেও আৰক্ষীৰ ওচৰত সুৰুযমণিৰ মৃত্যু এটা হত্যাকাণ্ড বুলি উল্লেখ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰিছে।স্মাৰকপত্ৰখত ননী শইকীয়া আৰু তুলশী বৰাৰ কাহিনী উল্লেখ কৰা হৈছে।ইপিনে স্থানীয় ৰাইজে ননী শইকীয়াৰ জোঁৱাই জীৱন জ্যোতি বৰাক মাটিত বগৰাই লৈ চৰ-ঘোচা দি ক্ষোভ প্ৰশমিত কৰে।অৱশ্যে সুৰুযমণিৰ মৃত্যুৰ কাৰণ হত্যাকাণ্ড নে আত্মহত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ উপযুক্ত তদন্তহে পৰিস্কাৰ হ'ব।সৰবৰহী যুৱক জনৰ মৃত্যুত কুঠাইচুক গাঁৱৰ ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।বিহালীত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি সন্ধিয়া এক শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰা হয়।

গহপুৰত যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে ভাতৃ-ভগ্নীক, থিতাতে মৃত্যু এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in