অষ্টম স্থানেৰে গোৱালপাৰালৈ‌ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকিয়ে

অষ্টম স্থানেৰে গোৱালপাৰালৈ‌ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকিয়ে

ডিজিটেল সংবাদ, গোৱালপাৰা: সোমবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত অষ্টম স্থান দখল কৰি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে সাহিল ছিদ্দিকিয়ে। আগিয়া অজগৰ ভেলী একাডেমিৰ মেধাৱী ছাত্ৰ সাহিল ছিদ্দিকিয়ে আগিয়া জে এন‌ মে'মৰিয়েল হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ পৰা শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

সাফল্য কঢ়িয়াই অনা ছাত্ৰগৰাকীয়ে ছটা বিষয়ৰ ৬০০ নম্বৰৰ ভিতৰত সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে। গোৱালপাৰা চহৰৰ উপকণ্ঠ বলদমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গোবিন্দপুৰ চালাৰ নিবাসী আবু বাক্কাৰ ছিদ্দিক আৰু মাতৃ ছহিদা খাতুনৰ সুপুত্ৰ সাহিল ছিদ্দিকী সৰুৰে পৰা পঢ়া-শুনাত মেধা আছিল।সাহিলৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে চৰকাৰী স্কুলত শিক্ষকতা কৰে।

সোমবাৰে পুৱা দহ বজাত ঘোষণা কৰা ফলাফলত সাহিলে পঢ়া নিজ বিদ্যালয়খনলৈ সাফল্য কঢ়িয়াই অনাত স্বাভাবিকতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দৰ লহৰ উঠে।সাহিল ছিদ্দিকিয়ে বিজ্ঞান শাখাত পঢ়ি ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ আশা পুহি ৰাখিছে।ছাত্ৰগৰাকীয়ে কোনো টিউচন লোৱা নাছিল।প্ৰথমৰ পৰাই ছাত্ৰগৰাকীয়ে দৈনন্দিন ৫-৬ ঘণ্টাকৈ অধ্যয়ন কৰিছিল।

অৱশ্যে পৰীক্ষাৰ পূৰ্বে ডেৰ-দুই ঘণ্টা বেছিকৈ পঢ়া টেবুলত বহিছিল।ছাত্ৰগৰাকীৰ এই সাফল্যৰ আঁৰত নিজ শিক্ষক পিতৃ-মাতৃৰ লগতে অজগৰ ভেলী একাডেমিৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যথেষ্ট অৱদান‌ আছে বুলি সদৰি কৰিছে।

ছাত্ৰগৰাকীয়ে ছটা বিষয়ত বিষয় অনুসৰি পোৱা নম্বৰ সমূহ হ'ল ক্ৰমে-অসমীয়া বিষয়ত ৯৫, ইংৰাজী বিষয়ত ১০০, সাধাৰণ গণিত বিষয়ত ১০০, সাধাৰণ বিজ্ঞান বিষয়ত ৯৭,সমাজ বিজ্ঞান বিষয়ত ৯৫ আৰু ঐচ্ছিক গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰিছে।শতাংশৰ চিপাবত ৯৭.৮৩ শতাংশ নম্বৰ।ছাত্ৰগৰাকীয়ে জিলাখনলৈ কঢ়িয়াই অনা সাফল্যত জিলা ছাত্ৰ সন্থা(আছু),আমছু,ছাত্ৰমুক্তি আদিকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তিবিশেষে অভিনন্দন জ্ঞাপন কৰি ছাত্ৰগৰাকীৰ ভৱিষ্যৎ উজ্বল কামনা কৰিছে।

অষ্টম স্থানেৰে গোৱালপাৰালৈ‌ গৌৰৱ কঢ়িয়ালে সাহিল ছিদ্দিকিয়ে
বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ সাফাল্যঃ ১০০শতাংশ উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in