অসমীয়া প্ৰতিদিনে আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাত উত্তৰ কমলাবাৰী সত্ৰ শ্ৰেষ্ঠ

অসমীয়া প্ৰতিদিনে আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাত উত্তৰ কমলাবাৰী সত্ৰ শ্ৰেষ্ঠ

author-image
Asomiya Pratidin
New Update
অসমীয়া প্ৰতিদিনে আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাত উত্তৰ কমলাবাৰী সত্ৰ শ্ৰেষ্ঠ

ডিজিটেল সংবাদ, মাজুলীঃ অসমীয়া প্ৰতিদিনে মাজুলীত ৰাসোৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা কাৰ্যসূচী ৰূপায়ন কৰে। মাজুলী ৭০ খনকৈ ৰাসসমিতিক বকুলৰ বৃক্ষ প্ৰদান, ঠায়ে ঠায়ে পৰ্যটকৰ সুবিধাৰ্থে স্থায়ীফলক লগোৱা, পৰ্যটকৰ বাবে ৰ'ড মেপসহ ১০ হাজাৰ প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ, মাজুলীৰ ওপৰত ভিডিঅ প্ৰস্তুত কৰি প্ৰচাৰৰ ব্যৱস্থা আদি।

Advertisment

অসমীয়া প্ৰতিদিনে মাজুলীৰ ৰাস সমিতিসমূহৰ মাজত স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত এখন প্ৰতিযোগিতা আয়োজন কৰিছিল। বহুকেইটা দিশ সামৰি আয়োজন কৰা এই প্ৰতিযোগিতাত প্ৰায় ৪০ খনকৈ ৰাস সমিতিয়ে অংশগ্ৰহণ কৰিছিল। ৩জন বিচাৰকে বিচাৰ কৰা এই প্ৰতিযোগিতাত তিনিখন সমিতিক শ্ৰেষ্ঠ ঘোষনা কৰা হৈছে।

বুধবাৰে ড০ দেৱজিৎ শইকীয়াৰ অধ্যক্ষতাত মাজুলী মহাবিদ্যালয়ত এখনি সভা অনুস্থিত হয়। উক্ত সভাতে উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘক প্ৰথম পুৰস্কাৰ প্ৰদান কৰা হয়। সত্ৰৰ হৈ সভাপতি বাচাৰাম বৰুৱা, সম্পাদক তীৰ্থ ভূঞা আৰু সহ সম্পাদক দীপক বৰুৱাই পুৰস্কাৰ গ্ৰহণ কৰে।

দ্বিতীয় পুৰস্কাৰ লাভ কৰে বংশীগোপাল নাট্য মন্দিৰ গড়মূৰ সত্ৰই , এই পুৰষ্কাৰ গ্ৰহণ কৰে সত্ৰখনৰ সভাপতি আৰু সম্পাদকে। তৃতীয় পুৰস্কাৰ লাভ কৰে মাজুলী মিলন সংঘই। সভাত পীতাম্বৰ দেৱ গোস্বামী জুনিয়ৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত নাথ, মাজুলী মহাবিদ্যালয়ৰ বহুকেইজন অধ্যাপক অধ্যাপিকা, দল সংগঠনৰ প্ৰতিনিধি তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Also Read: ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ৫৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

অসমীয়া প্ৰতিদিন