ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ৫৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ৫৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ সহযোগত বুধবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ৫৬১ ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে৷

সভাত ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে উপস্থিত থাকি বক্তব্যত আনন্দৰাম বৰুৱাৰ জীৱনও আদৰ্শৰে ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত হ'বলৈ আহবান জনাই ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা চিন্তাধাৰা আৰু ছাত্ৰ -ছাত্ৰীসকলক আগুৱাই লৈ যোৱা শক্তি শালী পদক্ষেপৰ বাবে মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হৈ এটি হাত চাপৰি মাৰিবলৈ ছাত্ৰ -ছাত্ৰী সকলক আহবান জনায় ।

একেদৰে সভাত উপস্থিত থকা জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱেও বক্তব্যত আনন্দৰাম বৰুৱা বঁটা প্ৰাপ্তি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জনায় ৷ বক্তব্যত বিধায়ক পেগুৱে বিগত ৭০ বছৰে নোহোৱা শিক্ষাৰ সমস্যাসমূহ কেৱল বিজেপি চৰকাৰৰ মাত্ৰ ৪ বছৰতেই সম্ভৱ হৈ উঠিছে বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে ৷

প্ৰসংগক্ৰমে তেওঁ জোনাই সমষ্টিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই আন্তগাঁঠনি উন্নয়নৰ বাবে ৭ কোটিকৈ দিয়া ধনৰ প্ৰসংগৰ কথা উল্লেখ কৰি জিলাখনৰ উচ্চমাধ্যিক বিদ্যালয়সমূহত শৈক্ষিক উত্তৰনৰ প্ৰতি লক্ষ্যৰাখি আন্তঃগাঁথনি উন্নয়নৰ বাবে ইতিমধ্যে বহু কোট টকাৰ ধন পাবলৈ সক্ষম হৈছে বুলিও তেওঁ ভাষনত উল্লেখ কৰে ৷

সভাত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰে বক্তব্য ৰাখে ৷ সভাত জিলা অতিৰিক্ত আয়ুুক্ত ড° সঞ্জীৱ ফুকন , জিলা শিক্ষা বিষয়া কবিতা ডেকাৰ লগতে বহু কেইগৰাকী অন্যান্য বহুকেইগৰাকী বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সভাত শিক্ষাৰ্থী হিৰণময়ী বুঢ়াগোহাঁই, ভাৱৰ্গজ্যোতি গগৈ, পিংকমনি পেগু আৰু ডালিমী দত্তই বক্তব্য ৰাখে৷

ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত ৫৬১ গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান
১২জন হিৰো আৰু ১৪০কোটি জনতাৰ প্ৰাৰ্থনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in