মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

author-image
Asomiya Pratidin
New Update
মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

মাজুলীত কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল মাতৃৰ...

ডিজিটেল সংবাদ মাজুলীঃ স্বাধীনতা দিৱসৰ দিনাই মাজুলীত ভয়ংকৰ ঘটনা।মাজুলীত কলিযুগৰ পৰশুৰামে হত্যা কৰিলে মাতৃক। কুলাংগাৰ, পাষান পুত্ৰই লাঠিৰে মৰিয়াই মৰিয়াই নৃসংশভাবে হত্যা কৰিলে জন্মদাত্ৰী মাতৃক।

Advertisment

কুলাংগাৰ,পাষান পুত্ৰৰ নাম ৰাহুল কাকতি। ৰাহুল কাকতিৰ হাতত মৃত্যু হোৱা মাতৃগৰাকী সোনাপী কাকতি (৫৪)। মাজুলী গড়মূৰ থানাৰ অন্তৰ্গত যোৰবিল কাঠনিআটী গাৱঁত সংঘটিত হৈছে এই ভযংকৰ হত্যাকাণ্ড।

আগতেও মাতৃক দাৰে ঘপিয়াই জেলৰ ভাত খাইছিল ৰাহুলে। আজি লাঠিৰে মাতৃক মৰিয়াই থাকোতে কাষৰে দুজনমানে বচাবলৈ গৈছিল যদিও উদণ্ড পাষান ৰাহুলে সেই কেইজনকো প্ৰহাৰ কৰাৰ লগতে এটা মোবাইলফোন ভাঙি পেলাই।

উক্ত ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । আনহাতে ঘৰৰ ভিতৰত বস্তাই বস্তাই ভাং উদ্ধাৰ হৈছে। অবৈধভাবে ভাং বস্তাই বস্তাই ঘৰৰ ভিতৰত ৰাখি থৈছে। কুলাংগাৰ পুত্ৰক গড়মূৰ আৰক্ষী মাজুলী উপ-আৰক্ষী অধীক্ষক আৰু মাজুলী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈছে।

বৰ্তমান দোষীক গড়মূৰ থানালৈ তাৎক্ষণিক ভাবে লৈ আহে। স্থানীয় ৰাইজে এনে মাতৃহত্যা পুত্ৰৰ উৎচিত শাস্তিৰ দাবী কৰিছে।

Also Read: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীৰ ছাত্ৰৰ মৃত্যু...

অপৰাধ