জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীৰ ছাত্ৰৰ মৃত্যু...

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীৰ ছাত্ৰৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীৰ ছাত্ৰৰ মৃত্যু...

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীৰ ছাত্ৰৰ মৃত্যু...

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ অব্যাহত। মাজুলীত জাপানীজ এনকেফেলাইটিছত আকৌ প্ৰান গ'ল অষ্টম শ্ৰেণীৰ ছাত্ৰৰ। নিহত ছাত্ৰজনৰ নাম চেম্প পায়েং।

Advertisment

মৃত চেম্প পায়েংৰ ঘৰ মাজুলী কলিয়াগাঁৱত। দীৰ্ঘদিনে চিকিৎসাধীন হৈ থকা ছাত্ৰজনে সোমবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। চেম্প পায়েঙৰ প্ৰকৃত ঘৰ লক্ষীমপুৰ জিলাত।

উল্লেখ্য যে, তিনি বছৰ বয়সতে চেম্প পায়েঙে মাজুলীৰ কলিয়া গাৱঁৰ আত্মীয় ঘৰত থাকি পঢ়িছিল। দূভাৰ্গ্যজনকভাৱে সামান্য গা বেয়া হোৱাত প্ৰথমে মাজুলীৰ চিকিৎসালয়ত তাৰ পিছত লখিমপুৰত চিকিৎসাধীন হৈছিল।

স্বাস্থ্য কিছু অবনতি ঘটাত অসম মেডিকেল কলেজত ভৰ্তী হৈছিল আৰু শেষত অসম মেডিকেল কলেজতেই মৃত্যু হয় চেম্প পায়েঙৰ। চেম্প পায়েঙৰ মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত। আত্মীয়ৰ চকুত কেৱল নিগৰিছে চকুলু।

Also Read: ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে অক্ষয় কুমাৰে...

জাপানীজ এনকেফেলাইটিছ