/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/185640f2-e10b-453e-a3a6-b118523060d0/Jayant_Baruah.jpg)
ডিজিটেল সংবাদ, মাজুলি : মাজুলীত সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা। মাজুলীৰ সত্ৰই-সত্ৰই সেৱা লৈ আৱেগিক হৈ পৰে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদকগৰাকী। কুৰিৰো অধিক দল - সংগঠনে সম্পাদকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/762aa6c3-f4d9-4fc8-a373-33172cf41843/a52e2187_670c_47bf_83a3_09166d72b5c8.jpg)
দেওবাৰে মাজুলীত উপস্থিত হোৱা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই মাজুলীৰ ঐতিহাসিক সত্ৰ দৰ্শন কৰে। দেওবাৰৰ দিনটোত আউনীআটী সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰা পাছত বিয়লি ঐতিহাসিক গড়মূৰ সত্ৰ দৰ্শন কৰে। য'ত বৈষ্ণৱসকলে গায়ন-বায়ন পৰিৱেশন কৰি আদৰণি জনায় সম্পাদকগৰাকীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cf04146d-c8f5-4d67-8b4a-8faf42ad0022/cb50ea2b_8890_4f26_bc5c_cc8f3559be47.jpg)
ইয়াৰ পাছতে সম্পাদকগৰাকীক সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামী আৰু বৈষ্ণৱসকলে এযোৰ তাল, এখনি শৰাই, প্ৰশস্তি পত্ৰ, পাটৰ চেলেং গামোচাৰে সম্বৰ্ধনা জনায়। লগতে পত্নী ৰুবি বৰুৱাকো সম্বৰ্ধনা জনাই বৈষ্ণৱসকলে। তদুপৰি সন্ধিয়া ঐতিহাসিক গড়মূৰ সৰু সত্ৰৰ নামঘৰত ৰাজহুৱা সভাত এখনি শৰাই, প্ৰশস্তি পত্ৰ, চেলেং, কিতাপৰ তোপোলা আদিৰে বৈষ্ণৱ আইমাতৃসকলৰ লগতে সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী প্ৰভুৱেও সম্পাদকগৰাকীক সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8d0f1d93-00b7-44d5-a454-50b7ccbc8eb5/3326df79_11a6_43d6_b55a_799005fc464e.jpg)
অনুষ্ঠানত ভাষণ প্ৰসংগত তেখেতে পিতৃ মাজুলী কমলাবাৰী খণ্ড উন্নয়ন কাৰ্যালয়ত চৰকাৰী চাকৰি কৰি থাকোতে মাতৃৰ গৰ্ভত থকাৰ লগতে ইকোলা-সিকোলাকে মাজুলীত উমলি-জামলি থকাৰ কথা সোঁৱৰণ কৰি আৱেগিক হৈ পৰে। আনহাতে সোমবাৰৰ পুৱা মাজুলী গড়মূৰৰ "এনচানটিং মাজুলী"ত টিএমপিকে, টিএমএমকেও বৰুৱাদেৱক সম্বৰ্ধনা জনায়। ইয়াৰ পাছতে তেওঁ ঐতিহাসিক নতুন চামগুৰি সত্ৰত উপস্থিত হয়। তাতো পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামীয়ে গামোচা চেলেঙেৰে আদৰণি জনোৱাৰ লগতে মুখা নিৰ্মাণ সম্পৰ্কে বিষদভাৱে অৱগত কৰে সম্পাদকগৰাকীক। ইয়াৰ পাছতেই সত্ৰৰ নামঘৰত অনুসুচিত ছাত্ৰ সন্থা, পূৱ মাজুলী ছাত্ৰ সন্থা, পূৱ মাজুলী কলেজ, চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ, মহিলা সমিতি, বনগাওঁ শিশু নিকতনকে ধৰি ১৫ তাৰো অধিক সংগঠনে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8cec89c3-6c2c-4144-a0e1-04b562151f09/385ca541_b0d4_4236_83db_71eef051d72f.jpg)
চামগুৰি সত্ৰৰ পৰা পোনে পোনে ঐতিহাসিক দক্ষিণপাট সত্ৰ দৰ্শন কৰে সম্পাদক জয়ন্ত বৰুৱাই। উক্ত সত্ৰটো সত্ৰৰ বৈষ্ণৱসকলে আদৰণি জনায়। ঐতিহাসিক সত্ৰৰ যাদৱ ৰায়ৰ ওচৰত সেৱা জনাই সম্পাদকগৰাকীয়ে। ইয়াৰ পাছতে সত্ৰাধিকাৰ প্ৰভুৰ চ'ৰাত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি প্ৰশস্তি পত্ৰ, শৰাই, পাতৰ চেলেং আদি আগবঢ়াই বৈষ্ণৱসকলে। ঐতিহাসিক সত্ৰখনিৰ ৩৭০ বছৰীয়া সংগ্ৰহালয় দৰ্শন কৰি অভিভূত হৈ পৰাৰ লগতে সত্ৰখনিত সংৰক্ষিত সম্পদ সমূহ দৰ্শন কৰি আপ্লুত হৈ পৰে।
আনহাতে মাজুলী মহাবিদ্যালয়েও তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে। অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া সহ শিক্ষক গোট আৰু কৰ্মচাৰী গোটে বৰুৱা দেৱক সম্বৰ্ধনা জ্ঞাপন কৰে বৰুৱাদেৱক। উল্লেখ্য মাজুলীৰ মৰম-সন্মান সামৰি কমলাবাৰী ঘাটেৰে এখন ফেৰীৰে মাজুলীৰ পৰা ইতিমধ্যেই বিদায় লৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই।
Also Read: উত্তপ্ত ধেমাজি! অৰুণাচলীৰ গুলীত দুই অসমীয়া নিহতকলৈ প্ৰতিক্ৰিয়া...