/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8c13896f-3d12-4294-a5a1-da3c7b9f9822/Protest.jpg)
ডিজিটেল সংবাদ, ধেমাজি : অসম-অৰুণাচলৰ সীমা বিবাদত অসমৰ দুজন লোক অৰুণাচলীৰ গুলিত নিহত হোৱাত ধেমাজিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লোক দুজনৰ মৃত্যুৰ পিছতেই বৰদলনিত আছু আৰু যুৱ ছাত্ৰ পৰিষদে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সমান্তৰালভাবে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f924649f-d541-438c-abe9-32bacd132145/9582bfbf_6024_46b5_adb4_bc782101a21f.jpg)
তদুপৰি মৃত্যু হোৱা দুজন ব্যক্তিৰ ক্ষতিপূৰণৰ দাবী জনাই সংগঠন কেইটাই। উল্লেখ্য যে, অৰুণাচলীৰ গুলিত নিহত হোৱা বগা চুতীয়া ভূমি সুৰক্ষা সমিতিৰ সভাপতি আছিল। অৰুণাচলীৰ দুৰ্বৃত্তৰ দলটোত ইজম বুচি, মাম' বুচি, ইলোক বুচি, ইটো টাংগ বুই', ইৰা টাছ', জাৰ্দ' বুই নামৰ ব্যক্তি কেইজন আছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e8365f4f-9bd0-47ef-841c-a3ce3e51df81/1ab27790_5589_4033_9484_6f99f0e6d21a.jpg)
জয়ৰামপুৰ পাণবাৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলীত দুই অসমীয়াৰ মৃত্যুৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ কৰ্মীসকলেও সোমবাৰে বিয়লি ৩.৩০ মান বজাত চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অসম আৰু অৰুণাচলৰ চৰকাৰৰ প্ৰতিমূৰ্তি দাহ কৰে ৷
Also Read: লোকসভাৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনলৈ তৎপৰ বিজেপিৰ যুৱ মৰ্চা...