মাজুলীত বাইকৰ পৰাই চুৰি হ'ল অৱসৰপ্ৰাপ্ত শিক্ষকৰ আঢ়ৈ লাখ টকা...

মাজুলীত বাইকৰ পৰাই চুৰি হ'ল অৱসৰপ্ৰাপ্ত শিক্ষকৰ আঢ়ৈ লাখ টকা...
মাজুলীত বাইকৰ পৰাই চুৰি হ'ল অৱসৰপ্ৰাপ্ত শিক্ষকৰ আঢ়ৈ লাখ টকা...

ডিজিটেল সংবাদ মাজুলীঃ মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ২ লাখ ৫০ হাজাৰ টকা চোৰ কৰি নিয়া বিষয়টোৱে সমগ্ৰ মাজুলীতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

উল্লেখ্য যে, মাজুলী মাজৰ দেউৰী গাৱঁৰ কদম্বৰ দেউৰী নামৰ এজন অৱসপ্ৰাপ্ত শিক্ষকে কমলাবাৰী পাঞ্জাৱ নেচনেল বেংকৰ পৰা আজি উলিয়াই আনিছিল ২ লাখ ৫০ হাজাৰ টকা। বেংকৰ পৰা উলিয়াই অনা টকাখিনি লৈ ঘৰলৈ উভতাৰ পথতে তেওঁ জেংৰাই তিনিআলিৰ এখন হোটেলত চাহ খাবলৈ সোমায়।

সেই সময়ত তেওঁ টকা কঢ়িয়াই অনা বেগটো তেওঁৰ বাইকখনতে থৈ যায়। তাৰ পাছত বাইকৰ পৰাই টকাৰ সৈতে সেই বেগটো চোৰে লৈ যায়। ঘটনা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে জেংৰাইনুখ আৰক্ষী থানাত গোচৰ তৰিছে।

আনহাতে ঘটনাৰ কথা জানিব পৰা ঘটনাস্থলীত আহি উপস্থিত হয় মাজুলী জিলা আৰক্ষী অধীক্ষক , উপ-আৰক্ষী অধীক্ষক আৰু জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে এটা দল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

মাজুলীত বাইকৰ পৰাই চুৰি হ'ল অৱসৰপ্ৰাপ্ত শিক্ষকৰ আঢ়ৈ লাখ টকা...
উত্তৰ-পশ্চিম যোৰহাট ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত চেঙেলীআটি যুৱক সংঘ চেম্পিয়ন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in