অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে: অখিল গগৈ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ

author-image
Asomiya Pratidin
New Update
বিধায়কৰূপে সুখী নহয় অখিল গগৈ, পূৰ্বে অধিক সক্ৰিয় হৈ আঙুলিয়াই দিব পাৰিছিল শাসকতন্ত্ৰৰ ভুল

ডিজিটেল সংবাদ, কাজিৰঙাঃ শান্তি আলোচনাত বহিবলৈ আলফা স্বাধীনৰ সেনাধক্ষ্যক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতিক্ৰিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷ ৭০-৮০ দশকৰ অসমৰ পৰিস্থিতিতকৈ বৰ্তমান অসমৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক ব্যৱস্থা অতি ভয়াবহ বুলি উল্লেখ কৰে গগৈয়ে ৷

Advertisment

লগতে তেওঁ কয় যে সাতদিন নালাগে,এটা দিনৰ বাবে যদি অসমলৈ আহে অসমৰ ৰাজনীতি,দুৰ্নীতি,ভ্ৰষ্টাচাৰ,কেলেংকাৰী,আত্মসমৰ্পণৰ ৰাজনীতি প্ৰত্যক্ষ কৰাৰ পাছত যিকোনো এজন মানুহ বিদ্ৰোহী হৈ উঠিবলৈ বাধ্য হৈ পৰিব ৷ আজিৰ দিনটোত অসমত গণতন্ত্ৰ নাই,অসমৰ ৰাইজৰ মানৱ অধিকাৰ,বাক স্বাধীনতা নাই ৷ আজিৰ দিনত অসমৰ ৰাইজক ধৰ্ম বা জাত পাতৰ ভিত্তিতহে গণ্য কৰা হয় ৷

তেওঁ কয় যে, অসমত এতিয়া কেৱল জংঘলৰাজ চলিছে৷ অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে৷ আলফাৰ যুৱক-যুৱতীয়ে অসমত চাকৰি লাভ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত গগৈয়ে কয় যে এক লাখ চাকৰিটো এটা পানীমিঠৈ ৷ এবছৰত দিম কোৱা এক লাখ চাকৰি আজি আঢ়ৈ বছৰত পঞ্চাশ হাজাৰ দিছে ৷ এইয়া ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দৰে হৈছে। দৈনিক ধাৰ লোৱা চৰকাৰখনে উপায়হীন হৈ এতিয়া চাকৰি বিলুপ্ত কৰিছে ।ৰাতি সাত হাল বাই ৰাতিপুৱা এহাল বোৱা স্থিতি বৰ্তমান বিজেপি চৰকাৰৰ ৷

Also Read: হোষ্টেলৰ ৰান্ধনীত প্ৰহাৰ ছাত্ৰৰঃ ৩ নিৰাপত্তাৰক্ষীক নিলম্বন

himanta biswa sarma akhil gogoi