জলসম্পদৰ খনন প্ৰকল্পই অস্তিত্ব বিপন্ন কৰিব ন-আলি-ঘাগৰমুখ বালি গাঁৱলৈ

জীৱন, সম্পত্তিৰ নিৰাপত্তা বিচাৰি বিভিন্ন গাঁৱৰ প্ৰতিবাদী জনতাই ওলাই আহি চেনেল কাটিং প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে সোঁৱণশিৰি দক্ষিণ পাৰৰ খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ দাবী
জলসম্পদৰ খনন প্ৰকল্পই অস্তিত্ব বিপন্ন কৰিব ন-আলি-ঘাগৰমুখ বালি গাঁৱলৈ

ডিজিটেল সংবাদ, মাজুলী : লখিমপুৰ জিলা জলসম্পদ বিভাগে পূৱ তেলাহীৰ ন-আলি, ঘাগৰমুখ বালিত গাঁৱৰ চাপৰিত আৰম্ভ কৰা চেনেল কাটিং প্ৰকল্পক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায় দুই কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব লগা এই বিতৰ্কিত চেনেল কাটিং প্ৰকল্পই এতিয়া ন-আলি,ঘাগৰমুখ বালি গাঁও অঞ্চলৰ অস্তিত্বৰ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।

এই প্ৰকল্পৰ কাম আগুৱাই নিয়াৰ পূৰ্বে ন-আলি,ঘাগৰমুখ বালি গাঁৱত যুগ যুগ ধৰি সোঁৱণশিৰি নদীয়ে সংঘটিত কৰি অহা ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ আঁচনি বিজ্ঞানসন্মতভাৱে ৰূপায়ণ কৰি অঞ্চলবাসীৰ জীৱন, সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাৰ দাবীত প্ৰকল্পথলীত উপস্থিত থকা লখিমপুৰ জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন তথা জলসম্পদ বিভাগৰ বিষয়াৰ সন্মুখত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ পৰা ওলাই অহা দুই শতাধিক প্ৰতিবাদী জনাই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে "বিধায়ক মানৱ ডেকা মুৰ্দাবাদ", "সাংসদ প্ৰদান বৰুৱা হায় হায়", "লখিমপুৰ উপায়ুক্ত হায় হায়", "আমাৰ সুৰক্ষা নিশ্চিত কৰক", "আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক", "জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰক", "আমাক ধ্বংস কৰিব পৰা বিধ্বংসী প্ৰকল্প নালাগে", "বিতৰ্কিত চেনেল কাটিং বন্ধ কৰক", "খেতি মাটি ধ্বংস যজ্ঞ বন্ধ কৰক", "চেনেল কাটিং কৰাৰ পূৰ্বে ন-আলি, ঘাগৰমুখ বালি অঞ্চলৰ বিজ্ঞানসন্মত সুৰক্ষামূলক কাম আৰম্ভ কৰক", "বুলডজাৰ শীৰ্ষে উভতাই লৈ যাওক", "জলসম্পদ বিভাগ হায় হায়", "লখিমপুৰ প্ৰশাসন হায় হায়" আদি বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

উল্লেখ্য যে, লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলি তেলীয়া পথাৰ অঞ্চলত দেখা দিয়া সোঁৱণশিৰি নৈৰ উত্তৰ অংশৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ লখিমপুৰ জিলা জলসম্পদ বিভাগে আৰম্ভ কৰিছে অত্যাধুনিক জিঅ'বেগ সুৰক্ষা মূলক আঁচনিৰ লগতে চেনেল কাটিংৰ বৃহৎ প্ৰকল্পৰ কাম।

২০২২-২৩ বিত্তীয় বৰ্ষত নাবাৰ্ডৰ পুঁজিৰে ৰূপায়ণ হোৱা এই প্ৰকল্পৰ পুঁজিৰ পৰিমাণ পোন্ধৰ কোটি টকা। এই পোন্ধৰ কোটি টকীয়া প্ৰকল্পৰ ভিতৰতে সোমাই আছে দুই কোটি টকীয়া চেনেল কাটিংৰ প্ৰকল্প। সংলিষ্ট জলসম্পদ বিভাগে সোঁৱণশিৰি নৈৰ উত্তৰ অংশ ন-আলি পথালি পথাৰ অংশৰ খহনীয়া ৰোধৰ বাবে অত্যাধুনিক জিঅ'বেগৰ লগতে ন-আলি,ঘাগৰমুখ বালি গাঁৱৰ চাপৰিত খনন কৰি চেনেল কাটিংৰ জৰিয়তে সোঁৱণশিৰি নৈৰ সোঁত সলনি কৰাৰ চিন্তাৰে এই প্ৰকল্প কাম সম্পূৰ্ণ হৈ উঠিলে ইয়াৰ দ্বাৰা এক দুৰ্যোগৰ সন্মুখীন হব সোঁৱণশিৰি নৈৰ দক্ষিণ অংশত অৱস্থিত ন-আলি, ঘাগৰমুখ বালি গাঁৱৰ অংশত।

অদূৰ ভৱিষ্যতে হব পৰা সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মিচিং জাতীয় সংগঠন টিএমপিকে, এমএমকে ৰাদাং অৱনৰি আঞ্চলিক সমিতিৰ লগতে ন-আলি ঘাগৰমুখ বালি,মৰ্টন চাপৰি,চানং, মৰলীয়া আদি বিভিন্ন গাঁৱৰ প্ৰতিবাদী জনতাই আজি প্ৰকল্প থলীত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ন-আলি,ঘাগৰমুখ বালি গাঁৱৰ চাপৰিৰ সোমাজেদি পুৱা পশ্চিমাকৈ খনন কৰিব লগা চেনেল কাটিংৰ দৰে প্ৰকল্পৰ দ্বাৰা কৃষি ভূমিৰ ওপৰতো বিস্তৰ ক্ষতি সাধন কৰাৰ পূৰ্ণ সম্ভাৱনা কঢ়িয়াই আনিছে। ইপিনে যোৱা ১৪ মাৰ্চৰ পৰা আৰম্ভ দুই কোটি টকীয়া চেনেল কাটিং প্ৰকল্পৰ কাম। কিন্তু এই বিতৰ্কিত প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন হৈছে।

আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ। আইন শৃংখলাজনিত কাৰণত এতিয়া লখিমপুৰ জলসম্পদ বিভাগে বৰ্তমান লখিমপুৰ আৰক্ষী প্ৰশাসন তথা চি আৰ পি এফ জোৱানৰ চেনেল কাটিংৰ কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰিছে। অনুৰূপভাৱে পৰিস্থিতিৰ আগতীয়াকৈ উমান পাই লখিমপুৰ জিলা প্ৰশাসনে দেওবাৰে ঢকুৱাখনা নিৰ্বাচনী বিষয়া কুলভোজন পেগুৰ নেতৃত্বত লখিমপুৰ আৰক্ষী, চি আৰ পি এফৰ বৃহৎ সংখ্যক জোৱান মোতায়ন কৰি চেনেল কাটিংৰ কাম কৰে লখিমপুৰ জিলা জলসম্পদ বিভাগে।

এই খবৰ লাভ কৰি স্হানীয় বিভিন্ন দল-সংগঠন তথা ন-আলি,ঘাগৰমুখ বালি,গোৱালবাৰী, মৰ্টন চাপৰি বিভিন্ন গাঁৱৰ পৰা অহা প্ৰতিবাদী জনতাই শিল ধল ভাগি দিনৰ বাৰ বজাত উপস্থিত হয় ন-আলি,ঘাগৰমুখ বালি গাঁৱৰ চাপৰিত চলি থকা চেনেল কাটিং প্ৰকল্প থলীত।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি অহা ৰঙালী বিহুৰ পিছতে বহুজাতিক কোম্পানী এন এইছ পি চিয়ে ন-আলিৰ সোঁৱণশিৰি খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে যদিও মুঠেই আস্থা আৰু বিশ্বাসত লব পৰা নাই সাধাৰণ জনতাই। বিগত সময়চোৱাত ন-আলি গাঁওখন ভৌগোলিক মানচিত্ৰৰ পৰা নিজৰ পৰিচয় বিসৰ্জন দিয়াৰ পিছতো নূন্যতম প্ৰকল্প গ্ৰহণ নকৰিলে কোনো বিভাগে। যাৰ পৰিপ্ৰেক্ষিতত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাৰ ওপৰত বিশ্বাস যোগ্যতা নাইকিয়া হৈ পৰিছে।

জলসম্পদ বিভাগে ইতিমধ্যে ন-আলি খহনীয়া প্ৰতিৰোধৰ প্ৰকল্প অনুমোদনৰ বাবে উৰ্দ্ধতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বৰ্তমান মাৰ্চ-এপ্ৰিল মাহত কাম আৰম্ভ নকৰিলে বাৰিষাৰ সময়ত কাম কৰাটো সম্ভৱপৰ নহয়। বাৰিষা আগমণ হোৱাৰ লগে লগে নিদ্ৰা,অনাহাৰে পাৰ কৰিব লাগিব বৰ্ন্যাতসকলে।

এই কথা ভালকৈ উপলব্ধি কৰে অঞ্চলবাসীয়ে। সোঁৱণশিৰি নৈৰ দক্ষিণ পাৰৰ খহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসন্মত প্ৰকল্পৰ কাম আৰম্ভ নকৰা পৰ্যন্ত চেনেল কাটিংৰ কাম বন্ধ কৰি ৰখাৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদস্হলীত উত্তেজিত জনতাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত লখিমপুৰ জিলা প্ৰশাসনে অধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়ন কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

জলসম্পদৰ খনন প্ৰকল্পই অস্তিত্ব বিপন্ন কৰিব ন-আলি-ঘাগৰমুখ বালি গাঁৱলৈ
ঢকুৱাখনা বি এড কলেজৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ মাৰ্চত শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in