ঢকুৱাখনা বি এড কলেজৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ মাৰ্চত শুভাৰম্ভ

ঢকুৱাখনা বি এড কলেজৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ মাৰ্চত শুভাৰম্ভ

ডিজিটেল সংবাদ, ঢকুৱাখনা :  ঢকুৱাখনা মহকুমাৰ স্বৰ্ণউজ্জল শৈক্ষিক ক্ষেত্ৰখনৰ এক অন্যন্য ভোটাতৰা স্বৰূপ ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় । চমুকৈ বি এড কলেজ। মহকুমাবাসী শিক্ষানুৰাগী সৰ্বশ্ৰেণী ৰাইজৰ দান বৰঙণি, নিৰন্তৰ ত্যাগ আৰু অশেষ শ্ৰমৰ বিনিময়ত  গঢ় লৈ উঠা এইখন মহাবিদ্যালয়ে বিগত ২৫ বছৰীয়া সুদীর্ঘ  পৰিক্ৰমাত গুণগত আৰু উৎকৃষ্ট  মানৱ সম্পদ সৃষ্টিত মেটমৰা অৱদান আগবঢ়াই আহিছে ।

১৯৯৮ চনতে প্ৰতিষ্ঠা লাভ কৰা এইখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ২৫ বছৰীয়া সফল যাত্ৰা পথৰ সজীৱ স্মৰণ আৰু অতীত মন্থন কৰাৰ মানসেৰে শিক্ষানুষ্ঠানখনৰ পৰিয়ালে প্ৰায় বৰ্ষ জোৰা ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে । তাৰেই অংশ হিচাপে অহা ২৫ মাৰ্চত এই জয়ন্তীৰ শুভাৰম্ভনি কৰি অহা ৬,৭আৰু ৮ অক্টোবৰত সফল সামৰণি মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । 

এই সন্দৰ্ভত গঠিত উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ আৰু সম্পাদক ডঃ প্ৰদীপ চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে অহা ২৫ মাৰ্চৰ শুভাৰম্ভনি দিৱসৰ  দিনা পুৱা বিভিন্ন প্ৰাৰম্ভিক কাৰ্যসূচীৰ পাছতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰদীপ  চন্দ্ৰ বৰাই । পৰৱৰ্তী সময়ত ৰূপালী জয়ন্তীৰ মহোৎসৱৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈ আৰু ৰূপালী জয়ন্তীৰ সতে ৰজিতা খুৱাই প্ৰস্তুত কৰা অন্য ২৪ খন পতাকা উত্তোলন কৰিব মহকুমাটোৰ ২৪ গৰাকী বিশিষ্ট ব্যক্তিয়ে ।

ইয়াৰ পাছত মহাবিদ্যালয়খনৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শৈক্ষিক তথা বিদ্যায়তনিক উত্তৰণত নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা বিশিষ্ট বৰেণ্য ব্যক্তি সকলক মহাবিদ্যালয় পৰিয়ালৰ হৈ ৰাজহুৱা ভাবে  শ্রদ্ধাশীল সম্বৰ্ধনা জনোৱা হব। বিয়লি অনুষ্ঠিত হব লগা মুকলি সভাত মুখ্য অতিথি হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল , বিশিষ্ট অতিথি হিচাবে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিত শইকীয়া, নিৰ্দিষ্ট বক্তা হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁই আৰু আমন্ত্ৰিত অতিথি হিচাবে লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক হেমচন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰিব।

বিয়লি প্ৰবীণ শিক্ষাবিদ চেনিৰাম বৰুৱাই মহাবিদ্যালয় চৌহদত বন্তি প্ৰজ্বলন কৰাৰ পৰৱৰ্তী সময়ত সন্ধিয়ালৈ অনুষ্ঠিত কৰা হব বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান । মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু উদযাপন সমিতিয়ে শিক্ষানুষ্ঠানখনৰ এই ৰূপালী জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচী আৰু অনাগত সামৰণি অনুষ্ঠানৰ মূল কাৰ্যসূচীত সকলো শ্ৰেণী শুভাকাংক্ষী ৰাইজৰ উৎসাহপূৰ্ণ অংশগ্ৰহণ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in