মাজুলীত মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰিছেঃ পীযুষ হাজৰীকা

মাজুলীত মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰিছেঃ পীযুষ হাজৰীকা
মাজুলীত মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰিছেঃ পীযুষ হাজৰীকা

ডিজিটেল সংবাদ,মাজুলীঃ "অখিল গগৈয়ে মাজুলীত কেবাখনো মিটিং কৰিলে। কিন্তু মই জনাত তেওঁৰ এখন এখন মিটিঙত ৭০,১০০,১২০ জন মানুহ হৈছে। মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰাৰ দৰে হৈছে।" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

গৌৰৱ গগৈৰ হৈ মাজুলীত অখিল গগৈয়ে কেবাখনো সভা অনুষ্ঠিত কৰা সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মাজুলীত তেওঁ এইদৰে মন্তব্য কৰে।

তেওঁ লগতে কয়- অখিল গগৈয়ে মাজুলীত ১২ খনকৈ মিটিং কৰে যদিও তেওঁৰ সভাত মানুহৰ উপস্থিতিৰ সংখ্যা আছিল তেনেই নগণ্য। অখিল গগৈ ইমান ডাঙৰ এজন নেতা তেওঁ মাজুলী লৈ আহি এনেকুৱা মানুহ নোহোৱা মিটিং কৰি নিজক কিয় অপমানিত কৰিব লাগে বুলি প্ৰশ্ন কৰে।

"অখিল গগৈ ইমান এজন ডাঙৰ নেতা, তেওঁ ইয়াত অহাতকৈ গুচি যোৱাই ভাল। অখিল গগৈয়ে আজি বুজি পাই গ'ল যে তেওঁলোক যোৰহাট সমষ্টিত হাৰিব আৰু মাজুলীত খুব বেয়কৈ হাৰিব বুলি উপলব্ধি কৰো।" বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা বিহু নৃত্য সন্দৰ্ভত অখিল গগৈয়ে আগবঢ়োৱা মন্তব্য সম্পৰ্কতো মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এই সন্দৰ্ভত তেওঁ কয়- "অখিল গগৈক বিহু দেখুৱাই দিম এইবাৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অখিল গগৈয়ে বিহু দেখি যাব। অখিল গগৈৰ সমষ্টিত আমি ন্যূনতম ১৫ৰ পৰা ২০ হাজাৰ ভোটত জিকিম আৰু সেইদিনাখন তেওঁ চকুৱে মুখে বিহু দেখি যাব।"

মাজুলীত মানুহ নোহোৱা সভা কৰি অখিলে নিজকে অপমানিত কৰিছেঃ পীযুষ হাজৰীকা
সোণাই নদীৰ উত্তৰ আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in