সোণাই নদীৰ উত্তৰ আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন

সোণাই নদীৰ উত্তৰ আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সোণাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দেওবাৰে ৩৭ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ হয়। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ আজি প্ৰথম দিন। পুৱা বিহুৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰোহিনী বৰাই। স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি নৱ কুমাৰ বৰাই।

উদযাপন সমিতিৰ সম্পাদক ৰিণ্টু গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটিত ৰাইডঙীয়া অঞ্চলৰ শতাধিক ৰাইজ উপস্থিত থাকে। বিয়লি ৩ বজাৰ পৰা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ ব্যৱস্থাপনাত বিহু কৰ্মশালা সামৰণি অনুষ্ঠান লগতে মানপত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

উদযাপন সমিতিয়ে জনোৱা অনুসৰি,দ্বিতীয় দিনৰ কাৰ্যসূচী ১৩ মে'ৰ দিনা পুৱা চিত্ৰাংকন প্ৰতিযোগিতা,কুইজ প্ৰতিযোগিতাৰ লগতে বিয়লি ২ বজাত বিহু প্ৰদৰ্শন কৰা হ'ব। ইয়াৰোপৰি উক্ত দিনটোতেই জেং বিহু প্ৰতিযোগিতা আৰু নিশা গীত-নৃত্যৰ সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব।

সোণাই নদীৰ উত্তৰ আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু আয়োজন
লামডিঙত ৰঙালী বিহু উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in