/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/8fbea2d6-a498-4804-8b56-eea4f3922848/Dhakua_new.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাবাসীৰ ভৌগলিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অৱশেষত হাতে-কামে লাগিল জলসম্পদ বিভাগ। ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ খহনীয়া বিধ্বস্ত অঞ্চলত আৰম্ভ হ'ল অস্থায়ী প্ৰতিৰোধ আঁচনিৰ কাম। চিচি টেকেলিফুটা মথাউৰীৰ মিচিং বালি, জাঁজী, মাতমৰা আদিৰ বিভিন্ন খহনীয়াগ্ৰস্ত অংশত দেওবাৰৰ পৰা প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰা হৈছে। বিগত কিছু দিন ধৰি ব্ৰহ্মপুত্ৰই বান্দেনা চেক বান্ধৰ নামনিত ব্যাপক হাৰত গৰাখহনীয়া চলাই জনজীৱন সৰ্বস্ৰান্ত কৰি তুলিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1f4442c1-5b60-4ff3-8ad1-a7ce9a9dc7f1/143ac495_786c_4e34_9d9b_982fa62d50d7.jpg)
এনে শিহৰণকাৰী গৰাখহনীয়া সন্দৰ্ভত শনিবাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ত বাতৰি প্ৰকাশৰ পাছতেই দেওবাৰে খহনীয়াগ্ৰস্ত অংশত ঢকুৱাখনা জলসম্পদ বিভাগে আৰম্ভ কৰিলে পৰ্কীউপাইন সংস্থাপনৰ কাম। দেওবাৰে পুৱা জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ব্ৰহ্মপুত্ৰৰ পাৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰি যন্ত্ৰচালিত নাওৰ জৰিয়তে সংস্থাপন কৰে পৰ্কীউপাইন ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e384bf0a-f8b4-44c3-8300-24f3d7123ab3/05b66273_a24e_43ba_8d66_8d0f9e39c79d.jpg)
ঢকুৱাখনা জলসম্পদ বিভাগৰ শীর্ষ বিষয়াৰ উপস্থিতিত মাতমৰা, বাঘচুক খহনীয়াগ্ৰস্ত এলেকাত "চেক্সন-৫০"ৰ আধাৰত লখিমপুৰ জিলা উপায়ুক্ত শোণিত সত্বাৱনৰ নিৰ্দেশ মৰ্মে এই প্ৰতিৰোধ আঁচনিৰ কাম আৰম্ভ কৰা হৈছে। জলসম্পদ বিভাগৰ শীর্ষ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে, বিভাগে খহনীয়াগ্ৰস্ত এলেকাত প্ৰায় ৮ হাজাৰ পৰ্কীউপাইন মজুত ৰাখি কাম আৰম্ভ কৰে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে দ্ৰুতগতিত আঁচনিৰ কাম চলাই গৈছে আৰু অনাগত সময়ত এই প্ৰতিৰোধ আঁচনিৰ কাম অব্যাহত ৰাখিব ।
Also Read: কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কাজিৰঙাৰ এগৰাকী যুৱতীয়ে