মাজুলিত ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি!

দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ সংস্কৃত বেদ পাঠশালাত ৰহস্যজনক ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author-image
Asomiya Pratidin
New Update
মাজুলিত ছাত্ৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি!

ডিজিটেল সংবাদ, মাজুলী: মাজুলিৰ এখন সত্ৰত উতপ্ত পৰিস্থিতি। এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতি। মাজুলিৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ সংস্কৃত বেদ পাঠশালা আৱাসিক বিদ্যালয়ৰ ঘটনা এইয়া।

Advertisment

বিদ্যালয়খনৰ ছাত্ৰ বিকাশ ছেত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নৱম শ্ৰেণীৰ ছাত্র বিকাশ ছেত্ৰী(১৪)য়ে কালি পকী বেৰা খহি মৃত্যুক সাবতি লয়। পিছে এই কথা মানি ল'ব পৰা নাই পৰিয়ালটোয়ে। পৰিয়ালটোৰ অভিযোগ, পৰিকল্পিত ভাৱে হত্যা কৰা হৈছে বিকাশ ছেত্ৰীক। আৰু সেয়ে ফুলনি নেপালীবাৰীস্থিত পৰিয়ালটোৰ চোতালত গোৰ্খা সমাজে গ্ৰহণ কৰে প্ৰতিবাদ। বিকাশ ছেত্ৰীৰ মৃত্যুৰ ন্যায় লাগিবই, হত্যাকাণ্ডৰ ওপৰত তদন্ত কৰক, দক্ষিণপাট গৃহাশ্ৰমী সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী হায় হায় আদি বিভিন্ন শ্লগানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।

সংস্কৃত বেদ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰসকলক ঘৰুৱা কামত লগোৱাকে ধৰি বিভিন্ন ধৰণৰ আপত্তি জনক কামত জড়িত কৰোৱা, কোনো শান্তি শৃংখলা নথকাৰ লগতে বিদ্যালয়খন কেৱল ধনৰ বাবেই চলাই থকাৰো অভিযোগ স্থানীয় ৰাইজে। সেয়েহে মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ ৰমানন্দ দেৱ সংস্কৃত বেদ পাঠশালা আৰু গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে মাজুলী গোর্খা সমাজৰ শতাধিক লোকৰ স্বাক্ষৰিত এখন এজাহাৰ ফুলনি আৰক্ষী চকীত দাখিল কৰে।

বিকাশ ছেত্ৰীৰ মৃতদেহ পৰিয়ালবৰ্গক চমজি নিদিয়া তথা মৃত্যুৰ ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে বিদ্যালয়ৰ শিক্ষকসকলে পৰিয়ালৰ লোকক খবৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। ২৪ ঘন্টাৰ ভিতৰত ভুক্তভোগী পৰিয়ালক খবৰ নকৰিলে গোর্খা জনগোষ্ঠীৰ লোকে সত্ৰখনৰ বেদ বিদ্যালয়খন পে'ট্ৰল ঢালি জ্বলাই দিয়াৰ হুংকাৰ প্ৰদান কৰাৰ পিছতে পৰিয়ালটোত উপস্থিত হয় দক্ষিপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্ধন দেৱ গোস্বামী সহিতে সংস্কৃত বেদ বিদ্যালয়ৰ শিক্ষকৰ দলে।

Also Read: কবিতা 2/মেঘালী সপোন