কবিতা 2/মেঘালী সপোন

কবিতা 2/মেঘালী সপোন

author-image
asomiyapratidin
New Update
কবিতা ৪৫/আগলতি কলপাত লৰে কি চৰে

প্ৰিয়ংকা চমুৱা

Advertisment

সপোনৰ সুহুৰিত
পানচৈ খেপিয়াই
মই তোমাৰ ৰদালি মেঘৰ জোন
তুমি দিকচৌ বাটৰ কুৰুৱা বতাহ
তমসাময় বতাহৰ মই
জুয়ে পোৰা সোণ
তুমি চিনাকি পথৰ অচিনাকি বাটৰুৱা
মই শাওণী মেঘৰ উদাসী জোন
তোমাৰ দুবাহুত মোৰ প্ৰশান্তি জীৱনৰ
এপলক ৰৈ জিৰাই তাতে মোৰ
হেঙুল হাইতাল বুলীয়া জোনাকী সপোন।