মাজুলীত শিক্ষা মন্ত্ৰীসহ চেবাৰ অধ্যক্ষ-পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিকৃতি দাহ...

ৰণোজ পেগু নেতৃত্বত শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী সকলক লৈ চূড়ান্ত হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে মংগলবাৰে মাজুলীত ছাত্ৰ সন্থাই প্ৰতিবাদ মুখৰ হৈ পৰে

author-image
Asomiya Pratidin
New Update
মাজুলীত শিক্ষা মন্ত্ৰীসহ চেবাৰ অধ্যক্ষ-পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিকৃতি দাহ...

ডিজিটেল সংবাদ, মাজুলী: শিক্ষামন্ত্ৰী ৰণোজ পেগু নেতৃত্বত শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী সকলক লৈ চূড়ান্ত হেতালি খেলা কাৰ্যৰ বিৰুদ্ধে মংগলবাৰে মাজুলীত ছাত্ৰ সন্থাই প্ৰতিবাদ মুখৰ হৈ পৰে। মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয় যে- বছৰত মাত্ৰ এটা পৰীক্ষাকে গোপনীয়তা ৰক্ষা কৰি নিয়াৰিকৈ অনুষ্ঠিত কৰিব নোৱাৰা ছেবা গৰিহণা আৰু ধিক্কাৰৰ যোগ্য৷

Advertisment

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে- ১৩ মাৰ্চৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিব লগা হোৱা পৰিস্থিতিৰ বাবে দায়ী কোন ? নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ডা° ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষগৰাকীয়ে সেচ্ছাই পদত্যাগ কৰা উচিত৷ মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপত দোষীক দৃষ্টান্তমুলক শাস্তিৰ দাবী জনালোঁ ৷

আইনৰ সুৰুঙাৰে যাতে কোনো সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মাজুলী আছুৱে ৷ কোনো এটা বছৰ এই মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰা দেখা নগ’ল ৷ এই চৰকাৰ আৰু শিক্ষা বিভাগৰ চূড়ান্ত বিফলতা । জিলা সদৰ গড়মূৰত মাজুলী জিলা ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিকৃতি ৰাজহুৱা স্থানত ওলোমাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে৷

Also Read: হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰৰ্দশন: পৰৱৰ্তী চৰকাৰ বিপিএফৰ...