হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰৰ্দশন: পৰৱৰ্তী চৰকাৰ বিপিএফৰ...

বি টি চিত কোনো দলৰ লগত মিত্ৰতা নহয় বি পি এফৰ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত চলিত বৰ্ষৰ অক্টোবৰ মাহত গৰম বতাহ বলাব হাগ্ৰামাৰ বিপিএফে
 হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰৰ্দশন: পৰৱৰ্তী চৰকাৰ বিপিএফৰ...

ডিজিটেল সংবাদ,ওৰাংঃ বি টি চিত কোনো দলৰ লগত মিত্ৰতা নহয় বি পি এফৰ। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত চলিত বৰ্ষৰ অক্টোবৰ মাহত গৰম বতাহ বলাব হাগ্ৰামাৰ বিপিএফে- এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

তেওঁ কয় যে, অক্টোবৰত নিৰ্বাচনী প্ৰচাৰৰ ধোৱা উৰুৱাই দিব হাগ্ৰামাই। ইতিমধ্যে হেলিকপ্টাৰৰ লগত কথা পাতিছো। হেলিকেপ্টাৰ পাইলটৰ লগত মোৰ ভাল।প্ৰমোদ বড়োৱে উচ্ছেদ কৰিলেও পিছৰদিনাই ঘৰ বনাই দিব বি পি এফ দলে। বি টি আৰত পৰবৰ্তী চৰকাৰ বি পি এফৰ হ'ব।

সদ্যহতে বিৰোধী দলক গালি পাৰাৰ লাইচেন্স পোৱা নাই হাগ্ৰামা মহিলাৰীয়ে। লোকসভা নিৰ্বাচনৰ একমাহ আগত গালি দিয়াৰ লাইচেন্স পাব হাগ্ৰামা মহিলাৰীয়ে। লাইচেন্স পোৱাৰ পিছতে বিৰোধীক সমালোচনাৰে থকা সৰকা কৰিব হাগ্ৰামাই। আনহাতে কোকৰাঝাৰ আৰু ওদালগুৰিত লোকসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব বুলিও কয় তেওঁ । লগতে কয় যে ওদালগুৰিত জয় নিশ্চিত বি পি এফৰ।

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষনত ৰৌতাত হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰৰ্দশন। ৰৌতাত পদ যাত্ৰা কৰি ভোটাৰৰ মন আকৃষ্ট কৰাৰ চেষ্টা বি পি এফৰ। ৰৌতাৰ ইক্ৰাবাৰীত হাগ্ৰামা মহিলাৰীৰ ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰাকখনত বিশাল পদযাত্ৰাৰে হাগ্ৰামা মহিলাৰীৰ বিপিএফে বজাইছে নিৰ্বাচনী ৰণডংকা।

ৰৌতাৰ ধনশ্ৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰীত বিশাল জনসভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। লোকসভা নিৰ্বাচনত মঙ্গলদৈ আৰু কোকৰাঝাৰত প্ৰাৰ্থী প্ৰদান কৰিব বিপিএফে। প্ৰমোদ বড়ো আৰু ইউ পি পি এল দলক কঠোৰ সমালোচনা বি পি এফৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈছে বি পি এফ। বি পি এফ দলৰ ব্লক জিলা পৰ্যায়ৰ নেতা কৰ্মী সকল এই সভাত উপস্থিত থাকে।

চৰকাৰ হ'লে ওদালগুৰিত বিশ্ববিদ্যালয় স্থাপন কৰিব বিপিএফে। অক্টোবৰ মাহতে বি পি এফে প্ৰাৰ্থী ঘোষণা কৰিব। ওদালগুৰিত ৩ লাখ মানুহৰ সমাগমত দলীয় প্ৰাৰ্থী ঘোষণা কৰিব বি পি এফে। ৩ লাখ মানুহক পৰবৰ্তী সভাত কি খোৱাব সেয়াও ৰাজহুৱা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। স্বভাৱ সুলভ ভাবে ৰাইজক আমোদ দি মঙ্গলবাৰে এইদৰে দলীয় সভাত অংশগ্ৰহণ কৰে মহিলাৰীয়ে।

 হাগ্ৰামা মহিলাৰীৰ শক্তি প্ৰৰ্দশন: পৰৱৰ্তী চৰকাৰ বিপিএফৰ...
ভাৰতৰ পাঠ্য়ক্ৰমত অংশগ্ৰহণ তালিবান শাসনৰ অধীনত থকা একাংশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in