/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4a1ded8a-67a7-4086-adda-f83d31b7fd2d/7.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়াঃ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শীক্ষাৰ্থী সকলৰ জীৱনক লৈ হেতালী খেলাৰ অভিযোগ উত্থাপিত হৈছে অসম শক্তি বিতৰণ কোম্পানীৰ মাজুলী জিলা সংমণ্ডলৰ বিৰুদ্ধে ৷ বহুজাতিক কোম্পানীৰ স্বাৰ্থতে মাজুলী জিলাৰ অন্তৰ্গত গড়মুৰ বিদ্যুত উপ সংমণ্ডলে লখিমপুৰ জিলাৰ সোৱণশিৰী পৰীয়া অৰ্দ্ধশতাধিক শীক্ষাৰ্থীক বিগত চাৰিদিনে পণবন্দী কৰি ৰখাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ৷
বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত মাজুলীৰ সীমাত অৱস্থিত পাভ ভেকেলী নামৰ মিচিং জনবসতিপ্ৰধান গাৱঁ খনৰ বিদ্যুত সংযোগ চাৰিদিন ধৰি কৰ্তন কৰি ৰাখিছে গড়মুৰ বিদ্যুত উপসংমণ্ডলে ৷ বিশেষকৈ গাওঁখনত নতুনকৈ স্থাপন কৰা এয়াৰটেলৰ টাৱাৰটোলৈ গাওঁখনৰ ডেৰ শতাধিক পৰিয়ালক বিদ্যুত যোগান ধৰা ট্ৰেঞ্চফৰ্মাৰটোৰ পৰা বিদ্যুত সংযোগত বাধা প্ৰদান কৰাৰ বাবেই মাজুলীৰ শক্তিবিভাগে গাওঁখনৰ বিদ্যুত কৰ্তন কৰি ৰখাৰ অভিযোগ তুলিছে গাওঁবাসীয়ে ৷
উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অব্যাহত থকাৰ সময়তে বিভাগে গাওঁ খনৰ বিদ্যুত কৰি ৰখাত পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ বজাৰত কেৰাচিন তেলৰ অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া শীক্ষাৰ্থীসকল পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷ শক্তি বিভাগৰ এই কাণ্ডত ক্ষোভিত হৈ পৰা গাওঁবাসীয়ে এইক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ৷ বহুজাতিক কোম্পানীৰ স্বাৰ্থতে এইদৰে পৰীক্ষাৰ্থী সকলক পণবন্দী কৰাত বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সোৱণশিৰী পৰীয়া ৰাইজ ৷
Also Read: কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...