কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...

হাগ্ৰমা মহিলাৰীৰ উপস্থিতিত যোগদান সভা
কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...
কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...

ডিজিটেল সংবাদ চিৰাংঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উজনিৰ পৰা নামনি সৰ্বত্ৰে এতিয়া কংগ্ৰেছ দলত আৰম্ভ হৈছে তীব্ৰ খহনীয়া। আজি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি আৰু সাধাৰণ সম্পাদকসহ দলৰ অন্যান্য নেতা কৰ্মীয়ে কংগ্ৰেছ এৰি বি পি এফ দলত যোগদান কৰিলে।

আজি চিৰাং জিলাৰ ছামঠাইবাৰীস্থিত বাথৌ খেৰাই ৰিজৰ্টত বিপিএফ দলৰ গোৰ্খা কোষৰ উদ্যোগত এক দলীয় যোগদান সভা অনুষ্ঠিত কৰা হয়। বি পি এফৰ উক্ত যোগদান সভাত দলৰ সভাপতি তথা প্ৰাক্তন বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আগন্তুক লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰাণজিত বসুমতাৰীৰ নেতৃত্বত জিলা কংগ্ৰেছৰ উপ-সভাপতি আমিনুল হক, জিলা সাধাৰণ সম্পাদক (প্ৰশাসনিক) আফজাল খান আৰু জিলা সম্পাদক মহাদেৱ প্ৰসাদ শ্বাহ, ফকিৰাগ্ৰাম ব্লক কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি মনোৱাৰ হুছেইনসহ কংগ্ৰেছৰ অন্যান্য নেতাকৰ্মীয়ে কংগ্ৰেছ দল এৰি আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।

কংগ্ৰেছ দল এৰি বিপিএফ দলত যোগদান কৰা নেতাসকলক দলীয় প্ৰতীক আৰু ফুলাম গামোছাৰে আঁদৰণি জনায় সভাপতি হাগ্ৰামা মহিলাৰী, উপ-সভাপতি শুদ্ধ বসুমতাৰী, সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্মই। বিপিএফৰ গোৰ্খা কোষৰ সভাপতি নন্দলাল মগৰে আঁত ধৰা আজিৰ এই যোগদান পৰ্বত বিটিআৰৰ চাৰিওখন জিলাৰ ইউপিপিএল, বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা ৪২৭ গোৰ্খা জনগোষ্ঠীৰ লোক বিপিএফ দলত যোগদান কৰে ।

গোৰ্খা জনগোষ্ঠীৰ বাদেও অনুৰূপ ৰাজনৈতিক দলৰ অন্যান্য জনগোষ্ঠীৰ দুই শতাধিক লোকে আনুষ্ঠানিকভাবে বিপিএফ দলত যোগদান কৰে। লক্ষ্যনীয় বিষয় যে দেওবাৰে নিশালৈকে কংগ্ৰেছৰ কোকৰাঝাৰ জিলা সভাপতি প্ৰাণজিত বসুমতাৰীয়ে ভিডিঅ' কনফাৰেঞ্চ যোগে কংগ্ৰেছৰ দলীয় কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল কিন্তু আজি দুপৰীয়া দলে বলে বিপিএফ দলত যোগদান কৰাৰ পিছত জিলা কংগ্ৰেছ নেতা গৰাকীয়ে হোৱাটছএপ যোগে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে ।

বিপিএফ দলত যোগদান কৰিয়ে কংগ্ৰেছ দলৰ নেতাসকলৰ বিৰুদ্ধে সৰব হৈ উঠে । তেওঁ কয়- আজিৰ দিনত বিটিআৰ এলেকাত থাকি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত থাকি একো ভবিষ্যত নাই। সেই ক্ষেত্ৰত বিটিআৰত থাকি যদি ৰাইজৰ সেৱা কৰিব লাগে তেনেহলে কোনো আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰিবই লাগিব আৰু বিটিআৰৰ অতিকৈ জনপ্ৰিয় ৰাজনৈতিক দল হৈছে বিপিএফ। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলৰ ১৭ বছৰীয়া শাসনকালত বিটিচি এলেকাত কি ধৰণে উন্নয়ন হৈছিল সেইটো আমি স্বীকাৰ কৰিবই লাগিব। সেয়ে বৰ্তমান সময়ত কংগ্ৰেছ দলৰ ভিতৰচৰাত চলি থকা লবিবাজী ৰাজনীতিত মোৰ নিচিনা দলৰ অধিকাংশ নেতা কৰ্মী অতিষ্ঠ হৈ পৰিছে । আমি হাগ্ৰামা মহিলাৰীৰ বিচক্ষণতা আৰু বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ইমান দিনে নিস্বাৰ্থভাবে কাম কৰা কংগ্ৰেছ দল এৰি আজি বিপিএফ দলত যোগদান কৰিলো ।

ইপিনে ছাত্ৰ অৱস্থাৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ সাংগঠনিক কাম-কাজ অব্যাহত ৰখা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আফজাল খানে কংগ্ৰেছ দলৰ নেতাসকলৰ আজিৰ অৱস্থাৰ বাবে তেওঁলোককে জগৰীয়া কৰি তীব্ৰ কটাক্ষ কৰে।

হাগ্ৰামা মহিলাৰীয়ে আজি নিজৰ ভাষণত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক স্বপ্না বেজবৰুৱাৰ ৰচিত গ্ৰন্থ 'হাগ্ৰাম মহিলাৰী'ত উল্লেখ কৰা কিছু কথাও উল্লেখ কৰে। তেওঁ কয়- বড়োসকলে কিয় আন্দোলন কৰিব লগা হৈছিল? আচলতে অসমীয়া সমাজে বড়ো জনগোষ্ঠীক আদৰি লোৱাৰ পৰিবৰ্তে একাষৰীয়া কৰি থৈছিল। যাৰ কাৰণে বড়োসকলে এটা সময়ত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আন্দোলন কৰিব লগা হৈছিল। আমি আন্দোলনৰ মাজেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ লগতে বিটিচি এলেকাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত এক ভাতৃত্ববোধ সম্পৰ্ক ৰক্ষা কৰি সকলোৱে মিলিজুলি ঐক্যবদ্ধ ভাবে বিটিচি উন্নয়নৰ হকে কাম কৰি আহিছো আৰু আগলৈ কৰি যাব লাগিব।

স্বপ্না বেজবৰুৱাই তেওঁৰ গ্ৰন্থত লিখা এই কথাৰ সত্যতা স্বীকাৰ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়- বাইদেউৱে তেখেতৰ গ্ৰন্থত সম্পূৰ্ণ সচাঁ কথা লিখিছে। তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো । এতিয়া কিতাপখন কেবল অসমীয়া নহয় বড়ো ভাষাতো প্ৰকাশ পাইছে পাৰিলে কিতাপখন পঢ়িবৰ কাৰণে ৰাইজক আহ্বান জনায় হাগ্ৰামা মহিলাৰীয়ে ।

আজি কোকৰাঝাৰ জিলাৰ কংগ্ৰেছ নেতাসকলে বিপিএফ দলত যোগদান কৰাৰ পিছত কোকৰাঝাৰ জিলাত এতিয়া কংগ্ৰেছ দলৰ অস্তিত্ব প্ৰায় নাইকিয়া হৈছে বুলি মন্তব্য কৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দল বৰ্তমান এক নম্বৰত আছে বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ বিপিএফৰ বিজয় নিশ্চিত বুলি কৈ দলটোৰ সকলো জনগোষ্ঠীৰ সদস্যকে দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়।

কংগ্ৰেছ শূন্য কোকৰাঝাৰ ! জিলা সভাপতি, সম্পাদককে ধৰি ৬০০ ৰো অধিক কৰ্মীৰ BPF ত যোগদান...
ৰাহুল গান্ধীৰ পৰা কানহায়া কুমাৰলৈঃ কেইবাজনো নেতাক চিআইডিৰ চমন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in