হঠাৎ বিদ্যুতৰ খুঁটাত জুইঃ হুৱাদুৱা লাগিল ফুলনি চাৰিআলি...

হঠাৎ বিদ্যুতৰ খুঁটাত জুই লগাত হুৱাদুৱা লাগিল মাজুলীৰ ফুলনি চাৰিআলিত

author-image
Asomiya Pratidin
New Update
হঠাৎ বিদ্যুতৰ খুঁটাত জুইঃ হুৱাদুৱা লাগিল ফুলনি চাৰিআলি...

ডিজিটেল সংবাদ, মাজুলীঃ মাজুলীৰ ফুলনি চাৰিআলিত শনিবাৰে সন্ধিয়া হঠাৎ বিদ্যুতৰ খুঁটাত জুই জ্বলি উঠে। বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অকৰ্মন্যতাৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি মন্তব্য স্থানীয় লোকৰ। অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাৰ বাবে ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে পাঞ্জাব নেচনেল বেংক ফুলনি শাখাৰ লগতে ফুলনি চাৰিআলিৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।

Advertisment

এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত হাহাকাৰ সৃষ্টি হয়। পাঞ্জাব নেচনেল বেংক প্ৰতিষ্ঠানৰ সন্মুখৰ থকা বিদ্যুতৰ নিৰ্দিষ্ট খুঁটাৰ ৱাৰিং সংযোগী স্থানত শুকুৰবাৰেও একে ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত পুনৰ শনিবাৰে জুই জ্বলি উঠাৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যুৎ বিভাগৰ অকৰ্মন্যতাৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

Also Read: কামপুৰত জাপানিজ এনকেফেলাইটিজত মৃত্যু আন এজনৰ

apdcl